ওদালগুৰিত আৰক্ষীয়ে সংঘটিত কৰা এনকাউণ্টাৰক লৈ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে এনকাউণ্টাৰত নিহত লোকজন নিৰ্দোষী নহয় বুলি এনকাউণ্টাৰৰ সপক্ষে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ কয়, ‘”আৰক্ষীৰ সৈতে এনকাউণ্টাৰ হৈছিল আৰু আনকি আৰক্ষীৰ লোকো এই এনকাউণ্টাৰত আহত হৈছিল। কোনোবাই যদি ভুৱা এনকাউণ্টাৰ বুলি ভাবে তেন্তে মই ইয়াৰ ওপৰত তদন্ত কৰিব পাৰো। কিন্তু এই কাণ্ডৰ বিষয়ে মই যিমানদূৰ জানো, আৰক্ষী জোৱান আহত হৈছিল। গতিকে এনকাউণ্টাৰত নিহত হোৱা ব্যক্তিজন নিৰ্দোষী বুলি কেনেকৈ ক’ব পাৰি?”
কোনো ভুৱা এনকাউণ্টাৰৰ বিষয়েও তেওঁ অৱগত নহয় বুলিও স্পষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এনকাউণ্টাৰটো ভুৱা নহয়। আৰক্ষীয়ে দাবী কৰিছিল যে মৃত লোকজনে তেওঁলোকৰ ওপৰত গুলীচালনা কৰিছিল।
যোৱা ২৩ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাত সংঘটিত হোৱা এই এনকাউণ্টাৰত নিহত হৈছিল বাক্সা জিলাৰ নিৱাসী ডিম্বেশ্বৰ মুছাহাৰী নামৰ লোকজন। এই ঘটনাক লৈ জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে আৰু বহু লোকে বিষয়টোৰ তদন্তৰ দাবী জনাইছে।
ইয়াৰ পূৰ্বে ২৫ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাত আৰক্ষীৰ গুলীচালনাৰ সময়ত সন্দেহযুক্ত ডকাইত হিচাপে গুলীয়াই হত্যা কৰা এজন ব্যক্তিৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হয়।
খবৰ অনুসৰি নিহত ব্যক্তিজনৰ নাম কেনাৰাম বড়ো। কিন্তু মৃত ব্যক্তিজনৰ পত্নীয়ে কৰা প্ৰকাশৰ পিছত পোহৰলৈ আহিছে যে তেওঁৰ স্বামী ডিম্বেশ্বৰ মুছাহাৰীক গুলীয়াই হত্যা কৰা হৈছিল।