এইবাৰ জ্বলা জুইত ঘিউ !

142

সামাজিক মাধ্যমত ইটোৰ পিছত সিটো পোষ্ট দি জ্বলা জুইত ঘিউ ঢালিছে শাসকীয় বিধায়ক মৃণাল শইকীয়াই। মঙলবাৰে ভোটগণনা পৰ্ব শেষ হোৱাৰ পাচতে ফেচবুকৰ জৰিয়তে গৌৰৱ গগৈক শুভেচ্ছা প্ৰদান কৰি ৰাজনৈতিক মহলত হাহাকাৰ লগাইছিল খুমটাইৰ বিধায়ক গৰাকীয়ে ৷ইয়াৰ পাচতে মৃণাল শইকীয়াক কটাক্ষ কৰি কেবাটাও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পোষ্ট আৰু প্ৰতিক্ৰিয়াৰ খেলখন ইয়াতে সামৰণী নামাৰি পুনৰ মাজ নিশা নিজ এক্স হেণ্ডেলত এটা পোষ্ট দি চৰ্চালৈ আহিছে বিধায়ক শইকীয়া।