উপ-ৰাষ্ট্ৰপতিৰ মিমিক্ৰীক লৈ উত্তাল ৰাজনীতি! প্ৰধানমন্ত্ৰীৰ দুখ প্ৰকাশ, ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰিব বিজেপিয়ে…

164

সংসদ পৰিসৰত একাংশ বিৰোধী সাংসদে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ মিমিক্ৰী কৰা বিষয়ক লৈ উত্তপ্ত হৈ পৰিছে ৰাজনীতি। উপ-ৰাষ্ট্ৰপতিৰ সন্মানত এঘণ্টা ধৰি ৰাজ্যসভাত থিয় দিছে এন ডি এৰ সকলো সাংসদ। লগতে বিজেপিয়ে সমগ্ৰ দেশতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ কথা ঘোষণা কৰিছে। একে সময়তে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক ফোন কৰি একাংশ সাংসদৰ আচৰণক লৈ হতাশা প্ৰকাশ কৰে। একে সময়তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও হতাশা প্ৰকাশ কৰিছে। দৰাচলতে কালি সংসদত বিৰোধীৰ প্ৰতিবাদৰ সময়ত তৃণমূল কংগ্ৰেছৰ নেতা কল্যাণ বেনাৰ্জীয়ে উপ-ৰাষ্ট্ৰপতি ধনখড়ক উপহাস কৰিছিল। নিলম্বনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত উপ-ৰাষ্ট্ৰপতিৰ মিমিক্ৰী কৰিছিল তেওঁ।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে টুইট কৰি কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোন কল আহিল। একাংশ সন্মানীয় সাংসদৰ ঘৃণনীয় আচৰণক লৈ তেওঁ গভীৰ দুখ প্ৰকাশ কৰে। তেওঁ মোক কৈছিল যে যোৱা বিশ বছৰ ধৰি তেওঁ এনে অপমান সহ্য কৰি আহিছে, কিন্তু ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ দৰে সাংবিধানিক পদৰ সৈতে আৰু সেয়াও সংসদত যে এইটো হ’ব পাৰে সেয়া দুৰ্ভাগ্যজনক। মই তেওঁক ক’লো যে প্ৰধানমন্ত্ৰী মহোদয়, একাংশ লোকৰ কৰ্মই মোক মোৰ কৰ্তব্য পালন আৰু আমাৰ সংবিধানত সন্নিৱিষ্ট নীতি বৰ্তাই ৰখাত বাধা নিদিয়ে। সেই মূল্যবোধৰ প্ৰতি মই অন্তৰেৰে দায়বদ্ধ। কোনো অপমানে মোক মোৰ পথ সলনি কৰিবলৈ বাধ্য নকৰে।’’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে টুইট কৰি কয়, ‘সংসদ কমপ্লেক্সত আমাৰ সন্মানীয় উপ-ৰাষ্ট্ৰপতিক যিদৰে অপমান কৰা হৈছিল সেয়া দেখি মই হতাশ হৈছিলো। নিৰ্বাচিত প্ৰতিনিধিসকলে নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ স্বাধীন হ’ব লাগে, কিন্তু তেওঁলোকৰ প্ৰকাশ মৰ্যাদা আৰু শিষ্টাচাৰৰ নীতি-নিয়মৰ ভিতৰত হ’ব লাগে। এয়া এক সংসদীয় পৰম্পৰা যাৰ বাবে আমি গৌৰৱান্বিত আৰু ভাৰতৰ জনসাধাৰণে তেওঁৰ পৰা ইয়াক বজাই ৰাখিব বুলি আশা কৰে।

হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজে কয় যে মমতা বেনাৰ্জীৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক উপহাস কৰাটো গৰিহণাযোগ্য। কল্যাণ বেনাৰ্জীক সংসদৰ পৰা বৰ্খাস্ত কৰি চিৰিয়াখানাত ভৰ্তি কৰা উচিত। একে সময়তে বিজেপি কিষাণ মৰ্চাই সমগ্ৰ দেশতে ৰাহুল গান্ধী আৰু বিৰোধীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ কথা ঘোষণা কৰে। প্ৰতিখন জিলা সদৰত দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজালৈ প্ৰতিমূৰ্তি দাহ কৰা হ’ব। এই বিষয়ত ৰাহুল গান্ধীয়ে মৌনতা অৱলম্বন কৰিছে, যেতিয়া এই ঘটনা সংঘটিত হৈছিল, তেতিয়া ৰাহুলও তাত উপস্থিত আছিল আৰু কল্যাণ বেনাৰ্জীৰ ভিডিঅ’ বনোৱা দেখা গৈছিল।

উপ-ৰাষ্ট্ৰপতিক উপহাস কৰা সন্দৰ্ভত স্পষ্টীকৰণ দিলে টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে। তেওঁ কৈছে যে মোৰ কাকো আঘাত দিয়াৰ কোনো উদ্দেশ্য নাই। ধনখড় জীৰ প্ৰতি মোৰ বহুত শ্ৰদ্ধা আছে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও লোকসভাত নিজৰ অনুকৰণ কৰিছে। ধনখড় এজন উকীল আৰু মইও এজন উকীল। তেওঁ মোৰ চিনিয়ৰ গতিকে মই তেওঁক বহুত সন্মান কৰো, তেওঁ আমাৰ প্ৰাক্তন ৰাজ্যপালও হৈ আহিছে।

ইয়াত নিলম্বন সন্দৰ্ভত সংসদৰ বাহিৰত গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বিৰোধী সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীয়েও এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। সংসদত হুলস্থুলৰ সৃষ্টি কৰাৰ অভিযোগত ৰাজ্যসভা আৰু লোকসভাৰ ১৪১জন সদস্যক নিলম্বন কৰা হৈছে, তাৰ পিছতে বিৰোধী ক্ষোভিত হৈ পৰিছে।