আমি বিভিন্ন সন্ত্ৰাসবাদৰ পৰা বলীউডক ৰক্ষা কৰাটো প্ৰয়োজনঃ কংগনা ৰাণাৱট

88

ডিজিটেল ডেস্কঃ বলীউডৰ নেপটিজম, বংশবাদ আদিক লৈ সততে সৰৱ হৈ থকা কংগনা ৰাণাৱট পুনৰ এবাৰ হিন্দী ছবিজগতৰ ভিতৰচৰাৰ কাম কাজক লৈ সৰৱ হৈ পৰিছে। নিজৰ টুইটাৰ হেণ্ডেলত বলীউডৰ কেতবোৰ কাম কাজক সন্ত্ৰাসবাদ আখ্যা দি তেওঁ লিখিছে- ‘আমি বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰা বলীউডক ৰক্ষা কৰাটো প্ৰয়োজন। ভাই-ভতিজাবাদৰ সন্ত্ৰাসবাদ, ড্ৰাগছ মাফিয়াৰ সন্ত্ৰাসবাদ, লিংগ বৈসম্যৰ সন্ত্ৰাসবাদ, ধৰ্মীয় আৰু জাতিবাদৰ সন্ত্ৰাসবাদ, বিদেশী ছবিৰ সন্ত্ৰাসবাদ, পাইৰেছী সন্ত্ৰাসবাদ, শ্ৰমিকৰ শোষণৰ সৈতে জড়িত সন্ত্ৰাসবাদ, প্ৰতিভাৰ শোষণৰ সন্ত্ৰাসবাদৰ পৰা বলীউড ইণ্ডাষ্ট্ৰীক ৰক্ষা কৰা উচিত।’

আন এটা টুইটত কংগনাই লিখিছে, ‘স্থানীয় ভাষাৰ ডাবিংকৃত ছবি সাধাৰণতে সমগ্ৰ ভাৰতত মুক্তি দিয়া নহয়, কিন্তু হলীউডৰ ডাবিংকৃত ছবি সমগ্ৰ ভাৰততে মুক্তি দিয়া হয়। এয়া চিন্তাজনক বিষয়। কাৰণ অধিকাংশ হিন্দী ছবিৰ বিশেষ মান আছে আৰু থিয়েটাৰ স্ক্ৰীণত একাধিকবাৰ এনে ছবিয়ে হলীউড ছবিকো চেৰ পেলাইছে।’