অসম চৰকাৰৰ কেবিনেট বৈঠক আজি অনুষ্ঠিত হব ধেমাজিত। কেবিনেট বৈঠকক লৈ ইতিমধ্যে সাজু কৰি তোলা হৈছে ধেমাজিক। মিনি দিছপুৰত পৰিণত হোৱা ধেমাজিৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হব বৈঠক।
কেবিনেট বৈঠকত অংশ লোৱাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ আন আন মন্ত্ৰীসকলো ধেমাজিত উপস্থিত হৈছে। এই কেবিনেট বৈঠকক লৈ যথেষ্ট আশাবাদী ধেমাজীবাসীও।