আজিৰে পৰা ৰাজ্যত জাৰি নতুন SOP

109

গুৱাহাটীঃ আজিৰে পৰা ৰাজ্যত জাৰি হৈছে কোভিডৰ নতুন এছঅ’পি। নতুন এছঅ’পি অনুসৰি গোলাঘাট আৰু লখিমপুৰ জিলাত সম্পূৰ্ণ লকডাউন অব্যাহত থাকিব বুলি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। ইফালে কোভিড সংক্ৰমণ কিছু নিয়ন্ত্ৰণলৈ অহাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে সম্পূৰ্ণ লকডাউন থকা যোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত সান্ধ্য আইন কিছু শিথিল কৰা হৈছে। জিলা কেইখনত দিনৰ ২ বজাৰ পৰা সান্ধ্য আইন বলবৎ হব।

ইফালে পূৰ্বৰ দৰেই বৰ্তমানো বন্ধ থাকিব আন্তঃজিলা যাতায়ত। মৰিগাঁও আৰু গোৱালপাৰা জিলাতো দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলবৎ হৈ থাকিব বুলি নতুন এছঅ’পিত উল্লেখ কৰা হৈছে। তাৰ বিপৰীতে কামৰূপ মহানগৰকে ধৰি ২৫ খন জিলাত সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব কাৰ্ফিউ। পূৰ্বৰ দৰেই এই সময়চোৱাত বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান, সাপ্তাহিক বজাৰ আদি।