অৱসৰপ্ৰাপ্ত পোষ্ট মাষ্টৰ ছোহৰাব আলীৰ মৃত্যুত শোক

53

হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জাকিৰ হুছেইনৰ পিতৃ তথা বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নলী গাঁও নিৱাসী তথা নলী গাঁও ডাকঘৰৰ অৱসৰপ্ৰাপ্ত পোষ্ট মাষ্টৰ ছোহৰাব আলীৰ বাধ্যক্যজনিত কাৰণত নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ।

মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী পুত্ৰ দুগৰাকী ছোৱালী, বহু কেইজন নাতি নাতিনী ইহ সংসাৰত এৰি থৈ যায়।

উত্তৰ নলীগাঁও আঞ্চলিক কৱৰস্থানত তেওৰ জানাজা নামাজ অনুষ্ঠিত হৈ যায়।