অৰুণাচলৰ পৰা অপহৃত দুই বিষয়াক মুকলি আলফা স্বাধীনৰ

184

যোৱা ২২ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ দায়ুনৰ পৰা অপহৃত হোৱা কুইপৰ নামৰ তৈল প্ৰতিষ্ঠানটোৰ দুই বিষয়াক অৱশেষত মুক্তি প্ৰদান কৰিলে আলফা স্বাধীনে। সোমবাৰে আলফা স্বাধীনে অপহৃত প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ নামৰ তৈল প্ৰতিষ্ঠানৰ বিষয়া দুগৰাকীক মুক্তি প্ৰদান কৰে।

উল্লেখ্য যে, বিগত বৰ্ষৰ ২২ ডিচেম্বৰত অৰুণাচলৰ দায়ুনৰ পৰা বিষয়া দুগৰাকীক অপহৰণ কৰিছিল আলফা স্বাধীনৰ এনএছচিএন গোটে। তাৰ পিছতে বিষয়া দুজনৰ সন্ধানত অভিযান চলাইছিল আৰক্ষীয়ে। কিন্তু অপহৰণ কাণ্ডৰ ২০ দিন অতিক্ৰম কৰাৰ পিছতো আৰক্ষী সফল হোৱা নাছিল দুয়োগৰাকী বিষয়াক মুক্ত কৰাত। অৱশেষত আলফা স্বাধীনে নিজেই মুক্তি প্ৰদান কৰে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক।