অৰুণাচলৰ ইংকিয়াঙত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ভষ্মীভূত ৫৪টা বাসগৃহ

80

অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ মুখ্য কাৰ্যালয় ইংকিয়াঙত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৫০ টাতকৈও অধিক ঘৰ আৰু বাণিজ্যিক প্ৰতিষ্ঠান জ্বলি ভষ্মীভূত হয়।

টুটিং-ইংকিয়ং বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আলো লিবাঙে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ২.৩০ বজাত ইংকিয়ঙৰ ওপৰৰ বজাৰ এলেকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় যাৰ ফলত ৫৪ টা ঘৰ আৰু দোকান জ্বলি ছাই হৈ পৰে।

এই অগ্নিকাণ্ডত তিনিজন লোক সাধাৰণভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে আঘাত গুৰুতৰ নহয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

লিবাঙে কয়, “অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। জিলা প্ৰশাসনৰ দ্বাৰা মূল্যাঙ্কন কৰা অনুসৰি প্ৰায় ৪ কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে।’’

“বহুতো দোকানীয়ে তেওঁলোকৰ সকলো সামগ্ৰী হেৰুৱাইছে। আনহাতে অগ্নিকাণ্ডৰ ফলত প্ৰায় ১২০ ৰ পৰা ১৭৫ জন লোক ক্ষতিগ্ৰস্ত হৈছে।” তেওঁ লগতে জানিবলৈ দিয়ে।