অহা ১২-১৩ জুনত মহানগৰীৰ এইকেইটা অঞ্চলত বন্ধ থাকিব পানী যোগান…

254

গুৱাহাটী পৌৰ নিগমৰ পানবজাৰ জল পৰিশোধন প্ৰকল্পৰ অধীনত অহা ১২ আৰু ১৩ জুনত পানী যোগান বন্ধ থাকিব।

শুকুৰবাৰে জিএমচিৰ যুটীয়া আয়ুক্তই জাৰি কৰা জাননীত এই কথা উল্লেখ কৰিছে।

পানী যোগান বন্ধ হ’বলগীয়া অঞ্চলসমূহ হ’ল পানবজাৰ, ফাঁচী বজাৰ, আঠগাঁও, এ.টি ৰোড, ছাত্ৰীবাৰী, পল্টনবজাৰ, ৰিহাবাৰী, কছাৰী বস্তি, বি বৰুৱা পথ, উলুবাৰী, গান্ধী বস্তি, দক্ষিণ শৰণীয়া, লাচিত নগৰ, ভঙাগড়, ৰাজগড় আৰু পূব শৰণীয়া।

জাননীখনত কোৱা হৈছে যে বৰ্তমানৰ ৬০০ মিলিমিটাৰ কেঁচা পানীৰ পাম্পিং মেইনটো ইনটেক পইণ্টৰ পৰা পানবজাৰ পানী পৰিশোধন প্লাণ্টলৈ পৰিৱৰ্তন কৰি স্থানান্তৰ কৰা হৈছে।

কাম সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ পানী যোগান আৰম্ভ কৰা হ’ব বুলিও জাননীখনত লগতে কোৱা হৈছে।

ক্ষতিগ্ৰস্ত ১৬টা অঞ্চলৰ গ্ৰাহকসকলকো এই পৰিস্থিতি সহ্য কৰিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই।