অসম ৰাইফলছৰ অৰুণাচল নৈশ ক্ৰিকেট টুৰ্ণামেণ্টৰ সামৰণি

145

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰত অনুষ্ঠিত ক্ৰিকেট টুৰ্ণামেণ্টে ঐক্য, সংহতি বাৰ্তা দিছে৷ মহাধুমধামেৰে অনুষ্ঠিত হয় ক্ৰিকেট টুৰ্ণামেণ্ট। অসম ৰাইফলছ আৰু যুৱসংঘৰ সহযোগত অনুষ্ঠিত নৈশ ক্ৰিকেট টুৰ্ণামেণ্টত ৩৮টা দলে অংশগ্ৰহণ কৰিছিল। চূড়ান্ত খেলত ডিয়াম ইউনাইটেডৰ হাতত কিৱি খাৰচাং ক্লাৱৰ ডিয়াম ইউনাইটেড ৭০ ৰানত পৰাজিত হয়। পৰাজিত দলটোক ৫০ হাজাৰ টকা প্ৰদান কৰাৰ লগতে বিজয়ী দলটোক ট্ৰফীসহ নগত ৮০ হাজাৰ টকা প্ৰদান কৰা হয়৷ নৈশ ক্ৰিকেট টুৰ্ণামেণ্টত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰুণাচলৰ বিধায়ক লইসাম চিমাই, কর্নেল আনন্দ শ্বেখৰ বাজপাই, অসম ৰাইফলছৰ কেপ্তেইন সন্তোষ শর্মা উপস্থিত থাকে৷