সন্ত্ৰাসবাদীৰ ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল মেঘালয় আৰু উত্তৰ-পূব। মেঘালয় আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অসম-মেঘালয় সীমান্তৰ ৰি-ভোই জিলাত এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰি সাম্ভাব্য ভয়ংকৰ কূটাঘাত প্ৰতিহত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৩ জন লোককো আটক কৰে।
ৰি ভোই জিলাৰ আৰক্ষী অধীক্ষক গিৰি প্ৰসাদ এমে জানিবলৈ দিয়া মতে, কেইজনমান ব্যক্তিয়ে বৃহস্পতিবাৰে মেঘালয়ৰ খলিহৰিয়াটৰ পৰা কিছু বিস্ফোৰক সামগ্ৰী লৈ এখন বাহনৰে আহি থকাৰ বিষয়ে আৰক্ষীয়ে গোপন খবৰ লাভ কৰিছিল। তাৰ পিছতে ৰি-ভোই জিলা আৰক্ষী আৰু অসম ৰাইফলছে নিশা অসম-মেঘালয় সীমান্তৰ বাইৰনিহাট অঞ্চলত যুটীয়াভাৱে অভিযান চলাই AS-01BE-3800 নম্বৰৰ এখন বাহন জব্দ কৰে।
নিশা প্ৰায় ১০.৩০ বজাত চলোৱা এই সফল অভিযানত নিৰাপত্তাৰক্ষীয়ে বাহনখনৰ পৰা ২০৯.৯৩ কিলোগ্ৰাম ওজনৰ নিও জেল (জিলেটিন ষ্টিক)ৰ ৯টা কাৰ্টন, ৫০টা এলুমিনিয়াম তাৎক্ষণিক বৈদ্যুতিক ডিটোনেটৰ আৰু ২০০০ ইন্দিৰা বিশেষ অৰ্ডনাৰী ডিটোনেটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই লগতে জানিবলৈ দিয়া মতে, বাহনখনেৰে যাত্ৰা কৰি থকা তিনিজন লোকে বাহনখনৰ বৈধ নথি-পত্ৰ আৰক্ষীক দেখুওৱাতো ব্যৰ্থ হয়। যাৰ বাবে আৰক্ষীয়ে ৩ জন অভিযুক্তক আটক কৰে আৰু আটাই কেইজনৰ বিৰুদ্ধে বিস্ফোৰক পদাৰ্থ আইনৰ ধাৰা ৫(এ)ৰ অধীনত নংপোহ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য যে, যোৱা ১৬ ফেব্ৰুৱাৰীতো মেঘালয় আৰক্ষীয়ে একেটা স্থানৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল।