অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ-আৰণ্যকৰ প্ৰশিক্ষণ

194

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সন্মুখীন হোৱাৰ লগতে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাবলৈ গাঁও পৰ্যায়ত স্থানীয় লোকসকলৰ প্ৰস্তুতিৰ বিষয়ে এটা সম্যক ধাৰণাৰ বাবে অসম চৰকাৰ মুখ্যমন্ত্ৰীৰ জলবায়ু স্থিতিস্থাপক গাঁও ফেল’শ্বিপ লাভ কৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীৰ প্ৰথমটো গোটে গাওঁ/সম্প্ৰদায় পৰ্যায়ত চলাবলগীয়া গৱেষণা প্ৰকল্পৰ ফলাফললৈ অধীৰ অপেক্ষা কৰি আছে ।

কাৰ্বি আংলঙৰ কহঁৰাৰ চন্দ্ৰছিং ৰংপি গাঁৱৰ সমূহীয়া সম্পদ কেন্দ্ৰত দেওবাৰে ফেল’সকলৰ এখন অৰিয়েণ্টেশ্যন কৰ্মশালা উদ্বোধন কৰি অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব লয়া মাদ্দুৰীয়ে কয়, “তিনি মহীয়া এই ফেল’শ্বিপে শিক্ষাৰ্থী সকলক জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু তৃণমূল পৰ্যায়ত অভিযোজন সন্দৰ্ভত গাঁওবাসীৰ সৈতে কাম কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিছে । জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাই এতিয়া সমগ্ৰ বিশ্বব্যাপি চৰকাৰসমূহৰ নীতি সিদ্ধান্ত নিৰ্ধাৰণ কৰে। গতিকে, জলবায়ু পৰিবৰ্তনৰ আঘাতৰ ভয়াৱহ প্ৰভাৱৰ সন্মুখীন হ’বলৈ এটা অভিযোজন ব্যৱস্থা কৰাটো সদায় ভাল।”

তৃণমূল পৰ্যায়ত জলবায়ু পৰিৱৰ্তনৰ অভিযোজনৰ ক্ষেত্ৰত ‘পৰিৱৰ্তনৰ এজেণ্ট’ হ’ব পৰাকৈ পৰম আন্তৰিকতাৰে এই সুযোগ গ্ৰহণ কৰিবলৈ আৰু ফেল’শ্বিপ প্ৰকল্পসমূহত কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনাই তেওঁ ফেল’সকলক কয়, “জলবায়ু পৰিৱৰ্তনে কঢ়িয়াই অনা পৰিৱৰ্তনৰ সৈতে স্থানীয় লোকসকলে কেনেদৰে মোকাবিলা কৰিছে সেই কথা বুজিবলৈ তেওঁলোকৰ সৈতে ব্যাপাকভাৱে বাৰ্তালাপ কাৰিবলৈ মুকলি মন আৰু আন্তৰিকতাৰে গৱেষণা ক্ষেত্ৰলৈ যাওক । আপোনালোকে উদঘাটন কৰা সঠিক তথ্যসমূহ চৰকাৰ আৰু সমাজৰ বাবে পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্যায়ৰ বিস্তৃত জলবায়ু পৰিৱৰ্তন অভিযোজন পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে এক মূল্যৱান সম্পদ হ’ব।”

ক’হঁৰা নদী অৱবাহিকা অঞ্চলত স্থানীয় লোকৰ সৈতে অংশগ্ৰহণমূলক পদ্ধতিৰে প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ কামত জড়িত গৱেষণা-চালিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ (www.aaranyak.org) সহযোগত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে ১৬ৰ পৰা ১৮ জুলাইলৈ ফেল’সকলৰ এটা দলৰ এই অৰিয়েণ্টেশ্যন কৰ্মশালাখন অনুষ্ঠিত কৰিছে । আনহাতে আন এটা দলে ১৮ – ২১ জুলাইলৈ অৰিয়েণ্টেশ্যন লাভ কৰিব ।

২০২২-২৩ বৰ্ষৰ ফেল’শ্বিপৰ চমু পটভূমি দাঙি ধৰি অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৰিৱেশ বিভাগৰ মুৰব্বী ড০ চন্দ্ৰ বৰুৱাই জনায় যে প্ৰথম চামত ৪৭ জন ফেল’ নিৰ্বাচিত কৰা হৈছে আৰু তেওঁলোকক নিৰ্দ্ধাৰিত পৰামৰ্শদাতা আৰু ফেল’শ্বিপৰ মূল কমিটিৰ সদস্যই অহৰহ দিক নিদৰ্শন কৰিব । ফেল’সকলে কৰা কামসমূহ এমাহৰ পাছত পুনৰীক্ষণ কৰা হ’ব বুলি তেওঁ কয় ।

আৰণ্যকৰ জ্যেষ্ঠ বিষয়ববীয়া ড০ জয়ন্ত কুমাৰ শৰ্মাই ফেল’সকলক বতৰ আৰু জলবায়ুৰ সৈতে জড়িত বিষয়সমূহক লৈ অংশগ্ৰহণমূলক শিক্ষণ/পৰ্যবেক্ষণ, গাঁৱ ভ্ৰমণ, বিপদসংকুলতা/বিপদ মূল্যায়নৰ জৰিয়তে ক্ষেত্ৰ অধ্যয়নৰ পদ্ধতি সম্পৰ্কে কেনেদৰে দিক নিৰ্দেশনা দিয়া হ’ব তাৰ ব্যাখ্যা দঙি ধৰে ।

আৰণ্যকৰ জ্যেষ্ঠ জীৱবিজ্ঞানী ড০ এম ফিৰোজ আহমেদে কয় যে অৰিয়েণ্টেশ্যন আৰু স্থানীয় লোকৰ সৈতে থকাৰ সময়ছোৱাত ফেল’সকলে কোহোৰা নদী সংৰক্ষণৰ লগতে খিলঞ্জীয়া কাৰ্বি লোকসকলৰ জীৱিকা আৰু আৰ্থ-সামাজিক উত্তৰণৰ বাবে অংশগ্ৰহণমূলক পদ্ধতিৰে আৰণ্যকে বহনক্ষম অংশগ্ৰহণমূলক প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা ব্যৱহাৰ কৰি বছৰ বছৰ ধৰি কৰা কামৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব।

ফেল’শ্বিপৰ মূল কমিটিৰ সদস্যসকলৰ পেনেল আৰু ড০ পাৰ্থ জ্যোতি দাস, ড০ সংগীতা বৰঠাকুৰ, ৰিজৱান উজ জামান, ড০ জয়ন্ত কুমাৰ শৰ্মা, ড০ ধনজিৎ ডেকা, ড০ বিনীতা পাঠককে ধৰি একাংশ তত্ত্বাবধায়কে ফেল’সকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত ফেল’শ্বিপ কাৰ্যসূচীৰ উদ্দেশ্য আৰু আকাংক্ষিত ফলাফলৰ ওপৰত অহৰহ মনোনিৱেশ আৰু নিষ্ঠাৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ফেল’সকলক বাৰে বাৰে কেৱল বাস্তৱিক তথ্য সংগ্ৰহ কৰাৰ গুৰুত্বৰ বিষয়ে সোঁৱৰাই দিয়া হয় যাতে তেওঁলোকৰ কামৰ ফলাফল অতি উচ্চ মানৰ হয় ।

অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সঞ্চালক পি এল এন ৰাজু আৰু তেওঁৰ দলটোৱে জলবায়ু পৰিৱৰ্তনৰ বিষয়ত গাঁও অধ্যয়ন আৰু বিপদসংকুলতা আৰু বিপদৰ মূল্যায়নত ৰিম’ট চেন্সিং আৰু জি আই এছ প্ৰয়োগৰ ওপৰত আলোকপাত কৰে ।