নমামী গংগা পৰিশোধন প্লাণ্ট প্ৰকল্পত অঘটন! ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত মৃত্যু ১৫ শ্ৰমিকৰ

73

উত্তৰাখণ্ডৰ চামোলী জিলাত নমামী গংগা নলা পৰিশোধন প্লাণ্ট প্ৰকল্পৰ স্থানত কৰ্মৰত দুডজনৰো অধিক কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ ১৫ জন শ্ৰমিকৰ মৃত্যু ঘটে। কাম কৰি থকা স্থানৰ সমীপৰ এটা ট্ৰেন্সফৰ্মাৰ আলোকনন্দা নদীৰ পাৰত বিস্ফোৰণ হোৱাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়।

এই ঘটনাত ১৫ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো শ্ৰমিক আহত হোৱা বুলি নিশ্চিত কৰিছে চামোলিৰ আৰক্ষী অধীক্ষক পৰমেন্দ্ৰ ডোভালে। আহতসকলক লগে লগে চিকিৎসা সাহায্যৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে এএনআইক জনোৱা মতে, নিহত ব্যক্তিসকলৰ ভিতৰত পিপালকোটিৰ দায়িত্বত থকা এটা আউটপোষ্টো আছে।

চামোলিৰ আৰক্ষী অধীক্ষক পৰমেন্দ্ৰ ডোভালে কয় যে, “চামোলি জিলাৰ অলকনন্দ নদীৰ পাৰত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়”। আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, আহত লোককেইজনক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।