অসম পালেহি H3N2 ভাইৰাছ! প্ৰথমজন ৰোগী আক্ৰান্ত…

170

অসম পালেহি H3N2 ইনফ্লুৱেঞ্জা ভাইৰাছ।

অসমত ধৰা পৰিছে এই ভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী।

বুধবাৰে নিশা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে জাৰি কৰা বিবৃতি অনুসৰি H3N2 ইনফ্লুৱেঞ্জাৰ এজন ৰোগী ধৰা পৰিছে।

বিবৃতিত কোৱা হৈছে যে, ‘স্বাস্থ্য বিভাগে বাস্তৱ সময়ৰ ভিত্তিত সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী (আই ডি এছ পি) নেটৱৰ্কৰ জৰিয়তে অসমৰ ঋতুভিত্তিক ইনফ্লুৱেঞ্জাৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।’

কেন্দ্ৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) প্ৰণয়ন কৰা নিৰ্দেশনা অনুসৰি অসমৰ এই জনস্বাস্থ্য প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ আইডিএছপি নেটৱৰ্কৰ অধীনত জিলা চোৰাংচোৱা বিষয়াসকল সম্পূৰ্ণৰূপে সাজু হৈছে।

এন এইচ এমৰ মতে, “গোলকীয়ভাৱে বছৰৰ কিছুমান বিশেষ মাহত সাধাৰণতে ইনফ্লুৱেঞ্জাৰ ৰোগী বৃদ্ধি হোৱা দেখা যায়। ভাৰতত সাধাৰণতে ঋতুভিত্তিক ইনফ্লুৱেঞ্জাৰ দুটা শিখৰ দেখা যায়: এটা জানুৱাৰীৰ পৰা মাৰ্চলৈকে আৰু আনটো বাৰিষাৰ পিছৰ ঋতুত।”

ঋতুভিত্তিক ইনফ্লুৱেঞ্জাৰ পৰা উদ্ভৱ হোৱা ৰোগী মাৰ্চৰ শেষৰ পৰা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি বিবৃতিত প্ৰকাশ। এই ৰোগৰ সংক্ৰমণ বেছিভাগেই কাহ আৰু হাঁচিৰ জৰিয়তে মানুহৰ পৰা এজনলৈ বতাহত সংক্ৰমণ হয়।