অজাপৰ হৈ হাজো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু প্ৰাক্তন উপায়ুক্ত বিবেকানন্দ চৌধুৰী

120

অসম বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে অসম জাতীয় পৰিষদে। হাজো সমষ্টিত ইতিমধ্যে অজাপৰ প্ৰভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ অসম জাতীয় পৰিষদত যোগদান কৰা কোকৰাঝাৰ জিলাৰ প্ৰাক্তন উপায়ু্ক্ত বিবেকান্দ চৌধুৰীয়ে হাজো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ প্ৰস্তুতি চলাইছে। দলীয় নেতৃত্বৰ সঁহাৰি লাভ কৰিলে সমষ্টিটোৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু বুলি শুকুৰবাৰে এক সংবাদমেলযোগে ইচ্ছা প্ৰকাশ কৰে।

বিভবানন্দ চৌধুৰী, সৰোজ কুমাৰ কলিতা, মাণিক আহমেদ, আজগৰ আলী, নিভা চৌধুৰী আৰু দেৱান ময়দুল ইছলামৰ উপস্থিতিত জাতীয় পৰিষদৰ নেতাগৰাকীয়ে সাংবাদমেলত প্ৰচুৰ সম্ভাৱনাময় হাজোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভূমিকা ল’ব বুলি দোহাৰে।

সম্প্ৰতি অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদৰ নেতৃত্বত হাজো সমষ্টিৰ চুকে-কোণে জনসাধাৰণৰ মাজত সাংগঠনিক ভেটি সবল কৰাৰ অহৰহ প্ৰচেষ্টা চলাই থকাৰ সময়তে প্ৰাক্তন প্ৰশাসনিক বিষয়া বিবেকানন্দ চৌধুৰীৰ যোগদানে সমষ্টিটোত চৰ্চা লাভ কৰিছে।