হোজাইত ১০ কোটি টকা ব্যয়ৰে নিৰ্মিত পথে জীয়াতু ভুগাইছে ৰাইজক

96

সমৰ দেৱনাথ, হোজাইঃ হোজাই জিলাৰ ৰাধানগৰৰ এটা পথে জীয়াতু ভুগাইছে অঞ্চলবাসীক। এজাক বৰষুণতে কদৰ্যময় হৈ পৰা এই পথটো নিৰ্মাণৰ নামত চৰকাৰে আৱণ্টন কৰা ধন ঠিকাদাৰে হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণৰ নামত আৱণ্টিত ১০ কোটি টকা ঠিকাদাৰ মুছলিম উদ্দিন আহমেদে আত্মসাৎ কৰাৰ অভিযোগে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, হোজাই-ৰাধানগৰ সংযোগী এই পথটোত আছে ৬টাকৈ কালভাৰ্ট। ঠিকাদাৰে এই কালভাৰ্টসমূহ নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া এজাক বৰষুণতে অসম্ভৱ হৈ পৰে পথটোৰে যাতায়ত। পথৰ দুৰাৱস্থাৰ বাবেই বিগত এটা মাহত কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা বুলিও দাবী কৰিছে অঞ্চলবাসীয়ে। এনে পৰিস্থিতিত পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু হোজাইৰ বিধায়কক আহ্বান জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।