অসুস্থ দিলীপ কুমাৰ, হিন্দুজা হাস্পতালত ভৰ্তি

9346

অসুস্থ হৈ পৰিছে বলিউদৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰ। শ্বাস-্প্ৰশ্বাসজনিত সমস্যাত ভূগিছে অভিনেতাজন। অসুস্থ অভিনেতাগৰাকীক হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে। মাত্ৰ ১০ দিনৰ পূৰ্বে দিলীপ কুমাৰক চিকিৎসালয়ৰ পৰা মুকলি কৰি অনা হৈছিল। শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগাৰ বাবেই ৯৮ বছৰীয়া দিলীপ কুমাৰক ৬ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

অভিনেতা জনক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতেই অনুৰাগীসকলে তেওঁৰ সুস্থাস্থ্য কামনা কৰি প্ৰাৰ্থনা কৰিছে। ইফালে অভিনেতাজনৰ পৰিয়াল আৰু চিকিৎসালয়ৰ ফালৰ পৰা অভিনেতাজনৰ স্বাস্থ্য সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ কৰা নাই।