যুটীয়া স্বাস্থ্য সঞ্চালয়কালয় ডিব্ৰুগড়ৰ উদ্যোগত ৪৫ উৰ্দ্ধৰ ব্যক্তিক কোভিড প্ৰতিষেধক প্ৰদান

101

ৰাজ্যৰ চৌদিশে কোভিডৰ ভয়াৱহ পৰিস্থিতি এতিয়াও বিৰাজমান। প্ৰতিদিনাই কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যাও বাঢ়ি গৈ আছে। আনহাতে চৰকাৰ তথা স্বাস্থ্য বিভাগে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৪৫ উৰ্দ্ধৰ লগতে ১৮ উৰ্দ্ধৰ ব্যক্তিসকলকো কোভিড প্ৰতিষেধক প্ৰদান কৰি আহিছে।

আজি যুটীয়া স্বাস্থ্য সঞ্চালয়কালয় ডিব্ৰুগড়ৰ উদ্যোগত আৰু মৰাণ লাইন্স ক্লাৱৰ সহযোগত ৪৫ উৰ্দ্ধৰ ব্যক্তিক মৰাণ লাইন্স ক্লাৱৰ সেৱা কেন্দ্ৰত এদিনীয়া কাৰ্যসূচীৰে কোভিডৰ প্ৰতিষেধক প্ৰদান কৰে। কোভিডৰ প্ৰতিষেধক লোৱাৰ পূৰ্বে মৰাণ ৰাজ্যিক চিকিৎসালয়ত কোভিড টেষ্ট কৰাৰ পাছতহে মৰাণ লাইন্স ক্লাৱৰ সেৱা কেন্দ্ৰত কোভিড প্ৰতিষেধক দিয়া হৈছে।

আনহাতে মৰাণ লাইন্স ক্লাৱৰ সভাপতি মৃণাল গোস্বামী, সম্পাদক দয়ানন্দ সিং আৰু প্ৰশাসক ওম প্ৰকাশ গাৰোদীয়াই কোভিডৰ প্ৰতিষেধক প্ৰদানৰ বাবে মৰাণ লাইন্স ক্লাৱৰ সেৱা কেন্দ্ৰটো দিবলৈ পাই সুখী হোৱা বুলি উল্লেখ কৰে। উক্ত কোভিডৰ প্ৰতিষেধক কেন্দ্ৰটো পৰিদৰ্শন কৰে যুটীয়া স্বাস্থ্য সঞ্চালয়কালয় ডিব্ৰুগড়ৰ অতিৰিক্ত মুখ্য বিষয়া কল্পনা ডেকাই। আজি ৪৫ উৰ্দ্ধৰ ১০০ জন ব্যক্তিক কোভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া হিমাশু বৰাই জানিবলৈ দিয়ে।