জ্যেষ্ঠ ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বিজেপিৰ বিৰুদ্ধে বিষোদগাৰ ব্যক্ত কৰি পদত্যাগ কৰে দলটোৰ পৰা।
তামুলপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কয়, “বহুত বিবেচনা আৰু চিন্তা-চৰ্চাৰ অন্তত মই বিজেপিৰ পৰা পদত্যাগ পত্ৰ দিয়াৰ সিদ্ধান্ত লৈছো। মই ২০২০ চনৰ ২২ নৱেম্বৰত বিজেপিত যোগদান কৰিছিলোঁ। মূলতঃ পৰিষদৰ নিৰ্বাচন আৰু বিধায়ক নিৰ্বাচনৰ বাবে মই সক্ৰিয়ভাৱে কাম কৰি আহিছিলো। আনকি মোৰ সহকৰ্মী আৰু দলৰ সদস্যসকলেও নিৰ্বাচনৰ সময়ত দলৰ সফলতাৰ বাবে কাম কৰিছিল। দুৰ্ভাগ্যজনকভাৱে মই আৰু মোৰ সহকৰ্মীসকলক ৰাজ্যিক পৰ্যায়তো আমাৰ উচিত স্বীকৃতি দিয়া নহ’ল। সেয়েহে যিয়েই নহওক কিয়, মই ভাবো, মূলতঃ বিটিচি অঞ্চলত বিপিএফ এটা আঞ্চলিক দল হিচাপে উন্নত বিকল্প এইদৰে এই সকলোবোৰ কৈ মই বিজেপিৰ পৰা পদত্যাগ কৰিব বিচাৰিছো।’’
অসমত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ২০২০ চনৰ নৱেম্বৰ মাহত বিজেপিত যোগদান কৰিছিল ইমানুৱেল মুছাহাৰীয়ে।
মুছাহাৰীয়ে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বডোলেণ্ড পিপলছ ফ্ৰণ্টত যোগদান কৰাৰ ইংগিত দিয়ে কাৰণ তেওঁ উল্লেখ কৰে যে দলটোৱে সঁচাকৈয়ে বিটিচি অঞ্চলৰ বাবে কাম কৰে আৰু সেয়েহে আঞ্চলিক দল হিচাপে সৰ্বোত্তম।