ছিকিমৰ বানত নিহতৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি, পুনৰ জলপাইগুৰিৰ তীস্তা নদীত উদ্ধাৰ মৃতদেহ…

442

উত্তৰ বংগ আৰু ছিকিমত ভয়াৱহ বান পৰিস্থিতিত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। এই পৰ্যন্ত ৭ গৰাকী জোৱানসহ ৫৩ জন লোকে প্ৰাণ হেৰুৱাইছে এই বানত। ইয়াৰে ২৯ টা মৃতদেহ তীস্তা নদীৰ পৰা উদ্ধাৰ কৰা হৈছে।

অবিৰত বৰষুণৰ ফলত উত্তৰ ছিকিমত বান পৰিস্থিতিৰ সৃষ্টি হৈ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে। বিদ্যুতৰ তাঁৰ ছিঙি যোৱাৰ লগতে পথ আৰু দলং ভাঙি পেলোৱাত সৃষ্টি হৈছে হাহাকাৰৰ। আন অঞ্চলৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে উত্তৰ ছিকিম। চৰকাৰৰ তথ্য অনুসৰি ১১৭৩টা ঘৰ জাহ গৈছে। ২৪১৩ জন লোকক উদ্ধাৰ কৰি নিৰাপদ আশ্ৰয়স্থললৈ প্ৰেৰণ কৰা হৈছে যদিও এতিয়াও ১৪০ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে। ইফালে উদ্ধাৰৰ কাম চলি আছে।

শনিবাৰেও চলি আছে তীস্তাৰ পৰা মৃতদেহ উদ্ধাৰৰ কাম। জলপাইগুৰিৰ তীস্তা নদীৰ নন্দনপুৰ বোৱালমাৰী অঞ্চলৰ পৰা আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে দুটা মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ লগে লগে জলপাইগুৰিত এতিয়ালৈকে উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা তিনিদিনত ২৯টালৈ বৃদ্ধি পাইছে। উদ্ধাৰ হোৱা মৃতদেহ দুটা সেনা জোৱানৰ বুলি সন্দেহ কৰা হৈছে। দুয়োটা মৃতদেহ জলপাইগুৰি চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গলৈ অনা হয়। তেওঁলোকৰ লগত আছিল সেনা বিষয়া আৰু শ্ৰমিক। কোৱা হৈছে যে তাত মৃতদেহ দুটা চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত থাকিব।

ইফালে, শুকুৰবাৰে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে উদ্ধাৰ অভিযান আৰু সাহায্যৰ বিষয়ে আলোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰিছিল। তেওঁ চুংথাংলৈ যোৱা পথটো অতি সোনকালে মুকলি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে নগাৰ পৰা টৌংলৈ যোৱা পথটো মেৰামতিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।