ছচিয়েল মিডিয়াৰ জৰিয়তে ৮৫টা সমষ্টিত লক্ষ্য :-
ষ্টাফৰিপৰ্টাৰ, ১৯ জুন :
অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত শুকুৰবাৰে সভাপতি অতুল বৰাৰ সভাপতিত্বত দুখনকৈ গুৰুত্বপূৰ্ণ সভ অনুষ্ঠিত হয় । দলৰ বিষয়ববীয়া সকলৰ লগত অনুষ্ঠিত হোৱা এই সভাত দলৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰি কেইবাটাও কাৰ্য্যসূচী যুগুত কৰে । বিশেষভাৱে ২০২১ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় বিষয়ববীয়া আৰু সদস্যসকলৰ কৰণীয় কাম কাজৰ ওপৰতো আলোচনা কৰা হয় । ছচিয়েল মিডিয়াৰ জৰিয়তে দলৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাই মূলত ১৯৮৫ চনৰ পৰা বিভিন্ন সময়ত জয়লাভ কৰা ৮৫ টা সমষ্টিক লক্ষ্য কৰি সেই তৎপৰতা আৰম্ভ কৰিছে । ইতিমধ্যে বিভিন্ন সমষ্টিত ৫০ শতাংশৰো অধিক ছচিয়েল মিডিয়াৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগতে অহা সাত দিনৰ ভিতৰত অন্যান্য সমষ্টি সমূহতো এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব । ছচিয়েল মিডিয়াৰ বাবে নিয়োজিত সমষ্টি সমূহৰ দায়িত্বপ্ৰাপ্ত সদস্য সকলক লৈ গুৱাহাটীত এই মাহৰ শেষৰফালে দলটোৱে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । একেদৰে জিলা আৰু সমষ্টিসমূহৰ সভাপতি, সম্পাদক সকলক লৈ অহা জুলাই মাহৰ প্ৰথম সপ্তাহত আন এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব । সভাত সভাপতি বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডা: কমলা কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, নুৰুল হুছেইন, ভূপেন ৰায়, প্ৰবীণ হাজৰিকা, সত্যব্ৰত কলিতা, মনোজ শইকীয়া আদি উপস্থিত থাকে । এই বৈঠকৰ পাছতে দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ, অসম মহিলা পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলৰ লগত আন এক বৈঠকত দলৰ নেতৃত্ব মিলিত হয় । ভাতৃ সংগঠন সমূহৰ বাবেও দলৰ তৰফৰ পৰা কাৰ্য্যসূচী ঘোষণা কৰা হয় । অনুষ্টুপীয়াকৈ বিষ্ণু ৰাভা দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ২০ জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদে ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ উদযাপন কৰিব । শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে সামাজিক দূৰত্ব ৰক্ষা কৰি বিষ্ণু ৰাভা দিৱস উদযাপন কৰিবলৈ কেন্দ্ৰীয় সমিতিয়ে অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদক দায়িত্ব অৰ্পণ কৰে ।