গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত কৰ’না ৰোগী

66

ষ্টাফৰিপোৰ্টাৰ, ২১ মে’ : গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মহানগৰীৰ তৰুণ নগৰৰ ৰাজু ৰয় নামৰ ৫৫ বৰ্ষীয় ৰোগীজনৰ বুধবাৰে কবিড-১৯ পজিটিভ পোৱাৰ পিছত এতিয়া চিকিৎসালয়খনত সকলো দিশত তৎপৰতা বৃদ্ধি পাইছে । ১৭ মে’ত নেমকেয়াৰত ভৰ্ত্তি হৈছিল এই ৰোগীজন । চিকিৎসালয়খনৰ পুৰণি বিল্ডিঙৰ তৃতীয় মহলাৰ ৩২২ নং ৰুমত চিকিৎসাধীন হৈ আছিল ৰোগীগৰাকী । চিকিৎসালয়ৰ সুত্ৰই জনোৱা মতে, পেটৰ বিষত আক্ৰান্ত হৈ নেমকেয়াৰত ভৰ্ত্তি হৈছিল ৰাজু ৰয় নামৰ এই ৰোগীগৰাকী । চিকিৎসাৰ পিছত তেওঁৰ এপেণ্ডিক্স ধৰা পৰে । কালি জ্বৰ বৃদ্ধি পোৱাৰ পিছত তেওঁৰ swab লোৱা হৈছিল আৰু টেষ্টৰ বাবে প্ৰেৰণ কৰা হৈছিল । লক্ষ্যণীয় কথা যে আজি তেওঁৰ এপেণ্ডিক্সৰ অপাৰেচন হোৱাৰ কথা আছিল । ভাগ্যক্ৰমে অপাৰেচন থিয়েটাৰত সোমোৱাৰ পূৰ্বেই কালি নিশা তেওঁৰ পজিটিভ ধৰা পৰে । মুঠ ৬০ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছিল নেমকেয়াৰত । ডাঃ বিশ্বজিৎ দেউৰীয়ে কৰ’না পজিটিভ ধৰা পৰা এই ৰোগীজনক চাই আছিল। তেওঁ হয়তো চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা আন ৰোগীকো চাইছিল। সেয়ে গোটেই বিযষয়টো এতিয়া অতি চিন্তনীয় হৈ পৰিছে । হয়তো কনটেইনমেণ্ট জ’ন হোৱাৰ সম্ভাৱনা আছে এই চিকিৎসালয়খন । শেহতীয়া চৰকাৰী গাইডলাইন মতে, এখন চিকিৎসালয়ৰ ৰোগীৰ কৰ’না পজিটিভ পালে চিকিৎসালয়খনৰ সীমাবদ্ধ এলেকা ছীল্ড্ কৰা হ’ব পাৰে বা অধিক বিশ্লেষণৰ অন্তত সমগ্ৰ চিকিৎসালয়খনো কনটেইনমেণ্ট এলেকালৈ পৰিৱৰ্তিত হ’ব পাৰে । সেয়া কিছুসময়ৰ পিছতহে জানিব পৰা যাব । ইতিমধ্যে পুৰণি বিল্ডিঙৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে । চিকিৎসালয়খনৰ সুত্ৰৰ খবৰ মতে, ইতিমধ্যে অপাৰেচন থিয়েটাৰ বন্ধ কৰি দিয়া হৈছে । পৰৱৰ্তী সিদ্ধান্ত নোহোৱালৈকে নেমকেয়াৰৰ অস্ত্ৰোপচাৰ কক্ষ বন্ধ থাকিব ।