ডব্লিউপিএলৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ

1045

স্মৃতি মান্ধানাৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে (আৰচিবি) দেওবাৰে ইয়াত অনুষ্ঠিত ফাইনেলত তিনিটা বল বাকী থকা অৱস্থাত দিল্লী কেপিটেলছক আঠ উইকেটত পৰাস্ত কৰি মহিলা প্ৰিমিয়াৰ লীগৰ (ডব্লিউপিএল) দ্বিতীয় পৰ্যায়ৰ চেম্পিয়ন খিতাপ দখল কৰে। দিল্লী কেপিটেলছে ভাল আৰম্ভণি স্বত্বেও এই বছৰো আৰচিবিৰ স্পিনাৰৰ সন্মুখত বিফল হৈ খিতাপ হেৰুৱাই।

যোৱা বছৰ প্ৰতিযোগিতাখনৰ প্ৰথম পৰ্যায়ত দিল্লী কেপিটেলছ ফাইনেলত মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাজিত হৈছিল। এইটো আৰচিবি মহিলা দলৰ প্ৰথমখন ফাইনেল আছিল আৰু তেওঁলোকে লেহেমীয়া আৰম্ভণিৰ পিছত চাপৰ সৈতে মোকাবিলা কৰাৰ পিছত অৱশেষত খিতাপ দখল কৰে।

আৰচিবিৰ বলিংৰ সন্মুখত, বেটছমেনসকলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে দিল্লী কেপিটেলছ ১৮.৩ অভাৰত মাত্ৰ ১১৩ ৰানহে অৰ্জন কৰিবলৈ সক্ষম হয়। এই লক্ষ্য অনুসৰণ কৰি আৰচিবিয়ে ধীৰ গতিৰে আৰম্ভ কৰে আৰু ১৯.৩ অভাৰত দুটা উইকেটত ১১৫ ৰান সংগ্ৰহ কৰি খিতাপ দখল কৰে।