অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ভিজয়নগৰত দুটা নতুন উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে।
উল্লেখযোগ্য যে নৱ আৱিষ্কৃত প্ৰজাতিৰ এটাৰ নাম অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নামেৰে ‘Ophiorrhiza pemae’ ৰখা হৈছে।
আনটো প্ৰজাতিৰ নাম ৰখা হৈছে ‘Ophiorrhiza shidiensis’।
“এই নৱ আৱিষ্কৃত উদ্ভিদ প্ৰজাতিৰ এটা, Ophiorrhiza pemae, মোৰ নামেৰে নামকৰণ কৰাৰ বাবে গৱেষক দলটোক মই আন্তৰিক ধন্যবাদ জনাইছো। এই বিশেষ স্বীকৃতিৰ বাবে আৰু অৰুণাচল প্ৰদেশৰ চহকী প্ৰাকৃতিক ঐতিহ্য নথিভুক্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ মূল্যৱান কামৰ বাবে সমগ্ৰ গৱেষক দলটোলৈ মোৰ আন্তৰিক কৃতজ্ঞতা,” X-ত দিয়া এটা পোষ্টত খাণ্ডুৱে কয়।
গৱেষকসকলক অভিনন্দন জনাই খাণ্ডুৱে কয় যে এই আৱিষ্কাৰে অঞ্চলটোৰ স্বকীয় উদ্ভিদ বৈচিত্ৰ্যৰ বৈজ্ঞানিক বুজাবুজি বৃদ্ধি কৰিব আৰু অৰুণাচল প্ৰদেশৰ চহকী প্ৰাকৃতিক ঐতিহ্যক উজ্জ্বল কৰি তুলিব।
“কৃষ্ণ চৌলু, ৰেন্থলেই লালনুনফেলি আৰু ড° বিনয় কুমাৰ চাহানীক এই উল্লেখযোগ্য আৱিষ্কাৰৰ বাবে অভিনন্দন,” তেওঁ লগতে কয়।
দুয়োটা প্ৰজাতি Rubiaceae পৰিয়ালৰ অন্তৰ্গত আৰু তিনিজন গৱেষকে অঞ্চলটোত উদ্ভিদ বিজ্ঞানৰ জৰীপ চলোৱাৰ সময়ত আৱিষ্কাৰ কৰিছিল।
