আমেৰিকাৰ প্ৰধান বাণিজ্যিক মিত্ৰ ইউৰোপীয় সংঘ আৰু মেক্সিকোলৈ ট্ৰাম্পে প্ৰেৰণ কৰিলে নতুন শুল্ক সম্পৰ্কীয় পত্ৰ ।ইখনৰ পিছত আন এখন দেশৰ ওপৰত শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।
শেহতীয়াকৈ কেইবাখনো দেশৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত নতুন শুল্ক আৰোপ কৰিছে ট্ৰাম্পে । তাৰ ভিতৰত আমেৰিকাৰ প্ৰধান বাণিজ্যিক অংশীদাৰ ইউৰোপীয় সংঘ আৰু মেক্সিকো ।
ট্ৰাম্পে শনিবাৰে ঘোষণা কৰে যে ১ আগষ্টৰ পৰা ইউৰোপীয় সংঘ আৰু মেক্সিকোৰ বিৰুদ্ধে ৩০ শতাংশ শুল্ক প্ৰযোজ্য হ’ব । এই পদক্ষেপে নিশ্চিতভাৱে আমেৰিকা দুই বৃহৎ বাণিজ্যিক অংশীদাৰ দেশৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব !ট্ৰাম্পৰ নতুন শুল্ক নীতিক লৈ ইতিমধ্যে দেশসমূহত প্ৰতিক্ৰিয়া হৈছে । শুল্ক আৰোপ কৰাক লৈ সম্ভাৱ্য প্ৰভাৱৰ বিষয়েও চিন্তিত দেশসমূহ । যদি সঁচাকৈয়ে শুল্ক কাৰ্যকৰী হয় তেন্তে ইউৰোপৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱ অধিক হ’ব পাৰে ।
