অসমৰ ব্ৰডগজ ৰে’ল নেটৱৰ্ক এতিয়া ১০০% বৈদ্যুতিকৃত হৈ পৰিছে ৷ ১৬৯ কিলোমিটাৰ দৈৰ্ঘৰ দুৰ্গম পাহাৰীয়া লামডিং-বদৰপুৰ অংশৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে অসমে এই ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰে ।কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নিশা সামাজিক মাধ্যমত এই কথা ঘোষণা কৰে ।ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামাজিক মাধ্যম এক্সত এই কথা ঘোষণা কৰি কয়, “অসমৰ ৰে’ল নেটৱৰ্ক এতিয়া ১০০% বৈদ্যুতিকৃত । কঠিন বুলি বিবেচিত ১৬৯ কিলোমিটাৰ দৈৰ্ঘৰ লামডিং-বদৰপুৰ পাহাৰীয়া অংশৰ বৈদ্যুতিকৰণৰ লগে লগে ৰাজ্যখনে ৰে’ল বিদ্যুৎকৰণ যাত্ৰা সম্পূৰ্ণ কৰিছে ।”
