মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে বিদেশী পাছপৰ্ট তথা বিদেশী সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে আৰম্ভ হৈছে আইনী প্ৰক্ৰিয়া। এই অভিযোগৰ তদন্তৰ অংশ হিচাপে বুধবাৰে ১০ ঘণ্টাতকৈও অধিক সময় ধৰি অসম আৰক্ষীৰ অপৰাধ শাখাই জেৰা কৰে পৱন খেৰাক। বুধবাৰে গুৱাহাটীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত হাজিৰ হোৱা নেতাগৰাকীক মুখ্যমন্ত্ৰী আৰু ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা গোচৰৰ ভিত্তিত সোধা-পোছা কৰা হয়।
জেৰাৰ অন্তত পৱন খেৰাই সংবাদ মাধ্যমক কয়, “মই তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ আৰু কাইলৈ অৰ্থাৎ ১৪ মে’ৰ পুৱা ৯:৩০ বজাত পুনৰ হাজিৰ হ’বলৈ মোক নিৰ্দেশ দিয়া হৈছে।” এজন আইন মানি চলা নাগৰিক হিচাপে তেওঁ পুনৰ তদন্তকাৰী বিষয়াৰ সন্মুখত উপস্থিত হ’ব বুলি স্পষ্ট কৰি দিয়ে।
ইফালে বিষয়টোক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “আইন সদায় নিজৰ গতিৰে চলিব আৰু আৰক্ষীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰতে অভিযোগনামা দাখিল কৰিব পাৰিব।” কংগ্ৰেছ নেতাজনে বিদেশী চৰকাৰলৈ পত্ৰ লিখি সাংবিধানিক নীতি উলংঘা কৰা বুলিও তেওঁ সংবাদমেলত অভিযোগ উত্থাপন কৰে।
পৱন খেৰাৰ বিৰুদ্ধে জালিয়াতি, মানহানি আৰু নিৰ্বাচনৰ সময়ত মিছা বিবৃতি দিয়াৰ দৰে কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈছে। ইতিপূৰ্বে উচ্চতম ন্যায়ালয়ে এই সমগ্ৰ বিষয়টোক ৰাজনৈতিক প্ৰতিদ্বন্দিতাৰ ফল বুলি উল্লেখ কৰি নেতাগৰাকীক অগ্ৰিম জামিন প্ৰদান কৰিছিল। বৰ্তমান আৰক্ষীৰ সক্ৰিয় তদন্তই এই বিষয়টোক অধিক চৰ্চালৈ আনিছে।
