টিকেএমে মুকলি কৰিলে ইনোভা ক্ৰিষ্টা জিএক্স+

381

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) ইনোভা ক্ৰিষ্টা লাইনআপত মুকলি কৰিলে নতুন গ্ৰেড জিএক্স+, যিয়ে গ্ৰাহককেন্দ্ৰিকতাৰ প্ৰতি টিকেএমৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে আৰু এই পদক্ষেপৰ জৰিয়তে বৰ্ধিত সুবিধা প্ৰদান কৰিছে। টিকেএমৰ গ্ৰাহক-কেন্দ্ৰিক দৃষ্টিভংগীৰে অনুপ্ৰাণিত এই গ্ৰেডত ১৪টা অতিৰিক্ত কাৰ্যকৰী আৰু নান্দনিক সুবিধা সন্নিৱিষ্ট কৰা হৈছে, যিয়ে সামগ্ৰিক ড্ৰাইভিং অভিজ্ঞতা বৃদ্ধি কৰি নতুন মাত্ৰা প্ৰদান কৰিছে। নতুন গ্ৰেডে গ্ৰাহকৰ পছন্দ অনুসৰি উৎকৃষ্টতা প্ৰদান কৰাৰ বাবে টিকেএমৰ সমৰ্পণ আকৌ এবাৰ প্ৰতিফলিত কৰিলে।

ভাৰতত মুকলি কৰা নতুন এমপিভি ইনোভা ক্ৰিষ্টা জিএক্স+ত পিছফালৰ কেমেৰা, অটো-ফল্ড মিৰ’ৰ, ডিভিআৰ, ডাইমণ্ড কাট এলয়, উডেন পেনেল আৰু প্ৰিমিয়াম ফেব্ৰিক ছীটৰ দৰে সুবিধাসমূহ আছে। ৭ আৰু ৮ জনীয়া আসন বিকল্পত উপলব্ধ জিএক্স+ গ্ৰেড ৫টা স্পন্দনশীল ৰঙত উপলব্ধ: ছুপাৰ হোৱাইট, এটিটিউড ব্লেক মাইকা, এভাণ্ট-গাৰ্ড ব্ৰঞ্জ মেটেলিক, প্লেটিনাম হোৱাইট পাৰ্ল আৰু ছিলভাৰ মেটালিক। এই বাহনখন ইকো আৰু পাৱাৰ ড্ৰাইভ মোডৰ সৈতে ৫ স্পীড মেনুৱেল ট্ৰেন্সমিছনেৰে ২.৪এল ডিজেল ইঞ্জিনৰ দ্বাৰা চালিত।

২০০৫ত মুকলিৰ পিছৰে পৰা প্ৰায় ১০,৫০,০০০ ইউনিট বিক্ৰীৰে ইনোভা ক্ৰিষ্টাই বজাৰত ইতিবাচক দিশেৰে আগবাঢ়ি আছে। এতিয়া ২১,৩৯,০০০ টকা(এক্স শ্বৰুম)ৰ প্ৰাৰম্ভিক মূল্যত ইনোভা ক্ৰিষ্টাৰ ডিজেল মেনুৱেল ট্ৰেন্সমিছনৰ ৫টা গ্ৰেডত উপলব্ধ। নতুন মুকলিৰ বিষয়ে নিজৰ উত্সাহ ব্যক্ত কৰি  টয়োটা কিৰ্লোস্কাৰ মটৰৰ বিক্ৰী-সেৱা-ব্যৱহৃত গাড়ী ব্যৱসায় খণ্ডৰ উপাধ্যক্ষ চবাৰি মনোহৰে কয় যে, “আমি নিশ্চিত যে নতুন ইনোভা ক্ৰিষ্টা জিএক্স+ মুকলিয়ে নতুন নতুন গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব, কিয়নো ভাৰতৰ আটাইতকৈ প্ৰিয় এমপিভি হিচাপে ইনোভাৰ শক্তিশালী আৰু সমৃদ্ধ ইতিহাস আছে।”