ৰমজানত ডায়েবেটিছ ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণত ৰখাৰ টিপছ

371

ৰমজান হৈছে ইছলাম ধৰ্মী লোকসকলে উপবাস ৰখা পৰ্ব, এই সময়ছোৱাত ডায়েবেটিচ ৰোগীৰ ৰক্ত শৰ্কৰাৰ তাৰতম্য ঘটিব পাৰে। এই মাহটোত শক্তি আৰু পুষ্টি বজাই ৰাখিবলৈ প্ৰাক-পুৱা আহাৰ আৰু সন্ধিয়াৰ আহাৰহে সাধাৰণতে খোৱা হয়। অৱশ্যে ৰক্ত শৰ্কৰাৰ স্তৰ হঠাৎ বৃদ্ধি বা হ্ৰাস হোৱা প্ৰতিহত কৰিবলৈ বা নিয়ন্ত্ৰণত ৰাখিবলৈ এই আহাৰবোৰ সাৱধানে প্ৰস্তুত কৰিব লাগিব। ডায়েবেটিচ থকা লোকসকলৰ বাবে এক সু-সন্তুলিত পুষ্টি পৰিকল্পনা, নিয়মীয়া নিৰীক্ষণ অতিশয় গুৰুত্বপূৰ্ণ। নিৰন্তৰ গ্লুক’জ নিৰীক্ষণ (চিজিএম)ৰ দৰে বিন্ধা-মুক্ত সঁজুলিৰ সহায়ত সঠিক আৰু বাস্তৱ-সময়ৰ ৰক্ত শৰ্কৰা নিৰীক্ষণক নিৰন্তৰ ট্ৰেক কৰিব পাৰি। এই সময়ছোৱাত উপবাস ৰখা লোকসকলৰ বাবে এক সন্তুলিত আহাৰ আৰু নিয়মীয়া নিৰীক্ষণৰ এই সংমিশ্ৰণ জৰুৰী যাতে সমগ্ৰ পবিত্ৰ মাহটোত ৰক্ত শৰ্কৰাৰ স্তৰৰ কাৰ্যকৰী ব্যৱস্থাপনা সুনিশ্চিত হয়।

ডিব্ৰুগড়ৰ এপ’ল’ ক্লিনিকৰ ডায়েবেট’লজিষ্ট ডাঃ শুভজ্যোতি ঘোষে সামগ্ৰিক ডায়েবেটিছ নিয়ন্ত্ৰণ বা ব্যৱস্থাপনাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে, ভাৰতৰ ১০১ মিলিয়ন লোক মধুমেহ ৰোগত আক্ৰান্ত। ডাঃ ঘোষে ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে সহায়ক আহিলা হিচাপে ৰমজানৰ সময়ত কণ্টিনিউয়াছ গ্লুক’জ মনিটৰিং (চিজিএম) বা নিয়মীয়া গ্লুক’জ নিৰীক্ষণৰ গুৰুত্বৰ ওপৰত সৰ্বাধিক জোৰ দিছে। এই বিষয়ে তেওঁ সহজ ভাষাত কয় যে, “তেজত শৰ্কৰাৰ মাত্ৰা বাস্তৱ সময়ৰ অনুসৰণৰ জৰিয়তে চিজিএমে মানুহক দ্ৰুত আৰু উপবাসৰ পিছৰ খাদ্যৰ সৈতে জড়িত যিকোনো গ্লুক’জৰ পৰিমাণ বা বৃদ্ধি চিনাক্ত আৰু পৰিচালনা কৰিবলৈ সক্ষম কৰি তোলে। চিজিএমৰ অন্তৰ্দৃষ্টিৰ ব্যৱহাৰ কৰি মানুহে অৱগত আৰু উপলব্ধ খাদ্যতালিকা প্ৰস্তুত কৰি ল’ব পাৰে। এনে পদক্ষেপে মানুহক ডায়েবেটিছৰ বাবে নিৰ্দিষ্ট পুষ্টিৰ পছন্দসমূহ বাচনি কৰাৰ লগতে খাদ্যৰ পৰিমাণ আৰু খাদ্যৰ সময় নেভিগেট কৰাত সহায় কৰিব পাৰে যিয়ে প্ৰতিজন লোকৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে। ঔষধৰ আনুগত্য আৰু খাদ্যৰ সিদ্ধান্ত গ্ৰহণৰ উন্নীত পদক্ষেপৰ জৰিয়তে চিজিএমৰ অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰিলে তেজৰ গ্লুক’জ ব্যৱস্থাপনা আৰু সবলীকৰণৰ অনুভূতি দুয়োটাকে লাভান্বিত কৰি এজন লোকৰ জীৱন সুস্থিৰ কৰি তুলিব পাৰে।”

ৰমজানৰ সময়ত আপোনাৰ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ এই টিপছসমূহ বিবেচনা কৰক:

১) শৰীৰত গ্লুক’জৰ মাত্ৰা নিয়মিতভাৱে নিৰীক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু চিজিএম ডিভাইচসমূহে বাস্তৱ সময়ৰ গ্লুক’জৰ মাত্ৰা নিৰীক্ষণ কৰে। এই তথ্য সকলোৱে ব্যৱহাৰ কৰা স্মাৰ্টফোনত সহজে উপলব্ধ। মানুহে খাদ্য, শাৰীৰিক কাৰ্য-কলাপ আৰু চিকিৎসাৰ সৈতে জড়িত সিদ্ধান্তসমূহ সঠিকভাৱে গ্ৰহণ কৰিব লাগে। এনে তথ্য ব্যৱহাৰ কৰিলে মানুহে নিজৰ খাদ্য পৰিকল্পনাৰ সৈতে সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰিব পাৰে আৰু এই সময়ছোৱাত সুস্বাস্থ্যও বজাই ৰাখিব পাৰে।

২) ইফতাৰৰ সময়ত খেজুৰ আৰু ফলৰ সৈতে ৰোজা ভংগ কৰি শৰীৰত পুষ্টিকৰ উপাদানৰে পুনৰ শক্তি-পুষ্টি প্ৰদান কৰাটো অতি প্ৰয়োজনীয়, ইয়াৰ পিছতে সুষম আহাৰ গ্ৰহণ কৰিব লাগে। পানী যথেষ্ট পৰিমাণে খাব লাগে আৰু চেনিযুক্ত পানীয় পৰাপক্ষত পৰিহাৰ কৰিব লাগে। এক সুস্থিৰ-সুষম খাদ্যতালিকাত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগে, লগতে আঁহযুক্ত খাদ্য যেনে ওটছ, মাল্টিগ্ৰেইন ব্ৰেড, শাক-পাচলি, মচুৰ দাইল আৰু মাছ, বাদামৰ দৰে প্ৰটিনসমৃদ্ধি সামগ্ৰী বেছিকৈ খাব লাগে। তেজৰ গ্লুক’জ, ভোক, শক্তিৰ মাত্ৰা নিৰীক্ষণ কৰিবলৈ সন্ধিয়াৰ জলপান হিচাপে এনচিয়ৰ ডায়েবেটিছ কেয়াৰৰ দৰে ডায়েবেটিছ-নিৰ্দিষ্ট প্ৰাথমিক পুষ্টিকৰ পৰিপূৰক খাদ্য গ্ৰহণ কৰাৰ কথা চিন্তা কৰিব লাগে। আপোনাৰ পুষ্টিৰ প্ৰয়োজন অনুসৰি সঠিক সমাধান বাছি ল’বলৈ চিকিৎসকৰ পৰামৰ্শ লওক।

৩) সুস্বাস্থ্য বজাই ৰাখিবলৈ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে শাৰীৰিক কাৰ্য-কলাপ অতি গুৰুত্বপূৰ্ণ। উপবাসৰ সময়ত অতিমাত্ৰা পৰিশ্ৰম আৰু কঠিম বা হাড়ভঙা কাৰ্য-ব্যায়ামৰ পৰা পৰাপক্ষত আঁতৰি থকাটো  উচিত। ইয়াৰ পৰিৱৰ্তে খোজ কঢ়া বা যোগাসনৰ দৰে ৩০ মিনিটৰ সৰল ব্যায়াম কৰাটোহে প্ৰয়োজনীয়। ইয়াৰ জৰিয়তে ডায়েবেটিছ ফলপ্ৰসূভাৱে পৰিচালনা বা নিয়ন্ত্ৰণত সহায়ক হয়, লগতে উপবাসৰ সময়ত সঠিক পুষ্টি আৰু ব্যায়াম নিশ্চিত কৰা হয়।

৪) টোপনিৰ সময়সূচী উন্নতকৰণ: ৰমজান মাহত প্ৰায়ে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে গভীৰ নিশালৈকে সাৰে থকা আৰু পুৱা সোনকালে উঠাৰ বাবে টোপনিৰ প্ৰয়োজন হয়, কিন্তু পৰ্যাপ্ত টোপনি নিশ্চিত কৰাটো সুস্বাস্থ্য বজাই ৰখাৰ অন্যতম সোপান। টোপনিৰ অভাৱ নোহোৱা হ’লে বা সঠিক টোপনিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, বিপাকীয় ক্ৰিয়াত সহায় কৰা, আৰু তেজৰ গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো অত্যন্ত জৰুৰী যাতে ডায়েবেটিছ নিয়ন্ত্ৰণ হৈ থাকে আৰু ভোক বা লোভৰ মাত্ৰাত নেতিবাচক প্ৰভাৱ ৰোধ কৰিব পাৰে।