সপ্তদশ লোকসভাত ২২২ খন বিধেয়ক গৃহীত

247

মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত অৰ্থাৎ চলিত লোকসভা মুঠ ২২২ খন বিধেয়ক গৃহীত হয় আৰু তাৰে ৪৫ খন সদনত উত্থাপন কৰাৰ দিনা গৃহীত কৰা হয়। এছ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ এক বিশ্লেষণত এই তথ্য প্ৰকাশ পাইছে। নিম্ন সদনত উত্থাপনৰ দিনাই অনুমোদিত বিধেয়কসমূহৰ ভিতৰত আছে বিনিয়োগ (লেখানুবাদ) বিধেয়ক, বিনিয়োগ বিধেয়ক, জম্মু আৰু কাশ্মীৰ বিনিয়োগ (দ্বিতীয়) বিধেয়ক, কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (সংশোধনী) বিধেয়ক, ২০২৩ আৰু নিৰ্বাচন আইন (সংশোধনী) বিধেয়ক, ২০২১।এডিআৰৰ বিশ্লেষণৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদনখন মঙলবাৰে প্ৰকাশ হয়। ই সপ্তদশ লোকসভা আৰু ইয়াৰ সদস্যসকলৰ কাম-কাজৰ ওপৰত আলোকপাত কৰে।
প্ৰতিবেদন অনুসৰি, সপ্তদশ লোকসভাৰ কাৰ্যকালত ২৪০ খন বিধেয়ক উত্থাপন কৰা হৈছিল আৰু ২২২ খন গৃহীত হৈছিল। লগতে, ১১ খন বিধেয়ক প্ৰত্যাহাৰ কৰা হৈছিল আৰু ছয়খন বাকী আছে। তথ্য অনুসৰি, ৪৫ খন বিধেয়ক উত্থাপন কৰাৰ দিনাই গৃহীত কৰা হৈছিল। গড় হিচাপত, এজন সাংসদে ১৬৫ টা প্ৰশ্ন সুধিছিল আৰু ২৭৩ খন বৈঠকৰ ১৮৯ খনত উপস্থিত আছিল। ছত্তীশগড়ৰ সাংসদসকলৰ গড় উপস্থিতি সৰ্বাধিক আছিল। নিম্ন সদনৰ ১১ জন ৰাজ্যিক প্ৰতিনিধিয়ে ২৭৩ খন বৈঠকৰ ২১৬ খনত অংশগ্ৰহণ কৰিছিল। আনহাতে, অসমৰ ১৪ জন সাংসদসকলৰ গড় উপস্থিতি আছিল ২১৫। অৰ্থাৎ ২৭৩ খন বৈঠকৰ ২১৫ খনতে অংশগ্ৰহণ কৰিছিল অসমৰ সাংসদে। এই ক্ষেত্ৰত ছত্তীশগড়, গুজৰাটৰ পিছত অসম তৃতীয় স্থানত আছিল। ইয়াৰ বিপৰীতে, অৰুণাচল প্ৰদেশত গড় উপস্থিতি সৰ্বনিম্ন আছিল, য’ত ইয়াৰ দুজন সাংসদে মাত্ৰ ১২৭ খন বৈঠকত অংশগ্ৰহণ কৰিছিল। এই বিশ্লেষণে ৰাজ্য আৰু ৰাজনৈতিক দলসমূহৰ মাজত সম্পৰ্কৰ স্তৰৰ ওপৰতো আলোকপাত কৰে। মহাৰাষ্ট্ৰৰ সাংসদসকল আটাইতকৈ বেছি সোচ্চাৰ আছিল, তেওঁলোকৰ ৪৮ জনে গড়ে ৩১৫ টা প্ৰশ্ন সুধিছিল। আনহাতে, অসমৰ ১৪ জন সাংসদে গড়ে ১৪৮ টা প্ৰশ্ন সুধিছিল। ইয়াৰ বিপৰীতে, মণিপুৰৰ প্ৰতিজন সাংসদে গড়ে ২৫ টা প্ৰশ্ন সুধিছিল।দলবোৰৰ ভিতৰত, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে তেওঁলোক পাঁচজন সাংসদৰ সৈতে গড়ে ৪১০ টা প্ৰশ্ন উত্থাপনৰে সবাতোকৈ আগত আছিল। আনহাতে, আপনা দলৰ (সোনেলাল) দুজন সদস্যই গড়ে মাত্ৰ পাঁচটা প্ৰশ্ন সুধিছিল। তেলেগু দেশম পাৰ্টিৰ (টিডিপি) সদস্যসকলে ২৭৩ খন বৈঠকৰ ২২৯ খনত অংশগ্ৰহণ কৰিছিল। আম আদমী পাৰ্টিৰ সদস্যসকলে গড়ে ৫৭ খন বৈঠকত অংশগ্ৰহণ কৰিছিল। প্ৰতিবেদনখনত ১০ জন সাংসদৰ নামো আছে যিয়ে সংসদীয় কাৰ্যক্ৰমত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু সৰ্বাধিক সংখ্যক প্ৰশ্ন সুধিছিল। পশ্চিম বংগৰ বালুৰঘাটৰ সাংসদ সুকান্ত মজুমদাৰে ৫৯৬ টা প্ৰশ্নৰ সৈতে তালিকাৰ শীৰ্ষত আছিল। আনহাতে, সপ্তদশ লোকসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ওপৰত সৰ্বাধিক ৬৬০২টা প্ৰশ্ন কৰা হৈছিল। আনহাতে, কৃষিৰ ওপৰত ৪৬৪২টা, ৰেল বিভাগৰ ওপৰত ৪৩১৭টা প্ৰশ্ন কৰা হৈছিল।