ভয়ংকৰ বানত ঘৰ-বাৰী, খেতি-মাটি আৰু জীৱিকাৰ লগতে বিপুল সংখ্যক পশুধন হেৰুৱাই বিপদত পৰা পৰিয়ালসমূহক সকাহ দিয়াৰ লক্ষ্যৰে নতুন আৰ্থিক সাহায্য ঘোষণা কৰিছে অসম চৰকাৰে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে গৰু, ছাগলী, গাহৰি আৰু হাঁহ-কুকুৰা নষ্ট হোৱাৰ বাবে এই সাহায্য লাভ কৰিব।
চৰকাৰে সদৰি কৰা অনুসৰি, এজন হিতাধিকাৰী সৰ্বাধিক তিনিটা দুগ্ধ উৎপাদনকাৰী বৃহৎ পশুৰ ক্ষতিপূৰণ লাভ কৰিব। প্ৰতিটো গৰু বা সমপৰ্য্যায়ৰ পশুৰ বিপৰীতে ৩৭ হাজাৰ ৫০০ টকা মুকলি কৰা হ’ব।
একেদৰে, এখন পৰিয়ালে সৰ্বাধিক ৩০টা সৰু পশু- যেনে ছাগলী বা গাহৰি হেৰুৱালে প্ৰতিটোৰ বিপৰীতে ৪ হাজাৰ টকাকৈ সাহায্য লাভ কৰিব। হাঁহ-কুকুৰা নষ্ট হোৱাৰ ক্ষেত্ৰত সৰ্বাধিক ১০০টা চৰাইলৈকে প্ৰতিটোৰ বিপৰীতে ১০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব।
চৰকাৰী তথ্য অনুসৰি, শেহতীয়া বানত উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত ঘৰ-বাৰী, কৃষিভূমি আৰু পশুধনৰ ব্যাপক ক্ষতি হৈছে। বিশেষকৈ দুগ্ধ উৎপাদন, গৰু-ছাগলী বা গাহৰি পালন আৰু হাঁহ-কুকুৰা বিক্ৰিৰ ওপৰত নিৰ্ভৰশীল বহু গ্ৰাম্য পৰিয়ালে জীৱিকাৰ মূল আধাৰেই হেৰুৱাইছে।
চৰকাৰে উল্লেখ কৰা মতে, পশুধনৰ ক্ষতিপূৰণৰ সমান্তৰালভাৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জৰিয়তে বিশেষ পশু স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হ’ব। জীৱিত পশুধনৰ চিকিৎসা আৰু ৰোগ প্ৰতিৰোধৰ ব্যৱস্থাও এই শিবিৰসমূহত কৰা হ’ব।
চৰকাৰী সূত্ৰই জানিবলৈ দিয়া অনুসৰি, ক্ষয়-ক্ষতিৰ মূল্যায়ন ইতিমধ্যে আৰম্ভ হৈছে। নিৰ্ধাৰিত নিয়ম অনুসৰি যোগ্য হিতাধিকাৰীসকললৈ পশুধনৰ ক্ষতিপূৰণৰ ধন মুকলি কৰাৰ লগতে ঘৰ, শস্য, তাঁতশিল্প আৰু অন্যান্য জীৱিকাৰ ক্ষতিৰ বাবেও পৃথক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, এই বিস্তৃত পুনৰ সংস্থাপন পেকেজৰ অধীনত প্ৰায় ৭৫ হাজাৰ যোগ্য পৰিয়ালক তৎকালীন সাহায্য হিচাপে ১৫ হাজাৰ টকা, শিৱসাগৰ আৰু চৰাইদেউৰ ক্ষতিগ্ৰস্ত পৰিয়ালক অতিৰিক্ত ১০ হাজাৰ টকা, ক্ষতিগ্ৰস্ত গৃহ পুনৰ নিৰ্মাণ বা মেৰামতিৰ বাবে সৰ্বাধিক ১ লাখ ২০ হাজাৰ টকা আৰু শস্য তথা জীৱিকাৰ ক্ষতিৰ বাবেও পৃথক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
চৰকাৰে আশা প্ৰকাশ কৰিছে যে, এই আৰ্থিক সাহায্য আৰু পুনৰ সংস্থাপনমূলক ব্যৱস্থাই বানত সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহক পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি অহাত সহায় কৰিব।
