গুৱাহাটী মহানগৰীত কৰ্মৰত বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক- সংবাদ কৰ্মীক লৈ গঠিত দিছপুৰ প্ৰেছ ক্লাবে অহা ২৯ মাৰ্চত সো-গৌৰৱে ত্ৰয়োদশ বৰ্যত ভৰি দিব। প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উক্ত দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
মুকলি সভাৰ অনুষ্ঠানতে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা ৪৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, বুৰঞ্জীবিদ ড° ৰীতা বৰুৱা বিশিষ্ট উপন্যাসিক প্ৰভাত গোস্বামী, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, বিশিষ্ট সমাজকৰ্মী নিপুল কলিতা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ পূব প্ৰান্তৰ বৌদ্ধিক প্ৰচাৰ প্ৰমুখ শংকৰ দাস আদি।
এক প্ৰেছ বিবৃতিত প্ৰেছ ক্লাবৰ সভাপতি ড°নৰেন হাজৰিকা, কাৰ্যকৰী সভাপতি আৰ্জেদ হুছেইন চহৰীয়া আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।
