বিশিষ্ট ঔপন্যাসিকা পদুমী গগৈৰ নৱতম উপন্যাস ‘চ্চাওফা’ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উন্মোচনী সভাত সভাপতিত্ব কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ মুখ্য উপদেষ্টা, বিশিষ্ট সাহিত্যিক ধীৰেন শর্মাই । সাংবাদিক গোকুল তালুকদাৰে আঁত ধৰা অনুষ্ঠানত ‘চ্চাওফা’ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্রী প্ৰাপক ডঃ সূর্যকান্ত হাজৰিকাই। গ্ৰন্থখন উন্মোচন কৰি উন্মোচক হাজৰিকাই কয় যে পদুমী গগৈৰ গ্ৰন্থ খনৰ নামটোতে এটা নতুন দিশ উন্মোচন হৈছে । চাওলুং চুকাফাৰ দিনত বুৰঞ্জী লিখন পদ্ধতি আৰম্ভ নহলে আমি হয়তো অসমৰ অতীত নাজানিলোঁ হেতেন ।
‘চ্চাওফা’ উপন্যাসত ছু্যু-কা-ফাৰ জীৱনৰ অভিব্যক্তি, প্রগতিশীল চিন্তা-চেতনা, মননশীলতা, আশা-আকাংক্ষা, ধর্ম-সমাজ, আচাৰ- নীতি, জীৱনবীক্ষা, প্রেম-প্ৰেৰণা, উদাৰতা, বদান্যতা আৰু নীতি নিষ্ঠতাক কলাসন্মতভাবে চিত্রিত কৰা হৈছে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট লেখক, সমালোচক ময়ূৰ বৰাই কয় যে চাওলুং চুকাফা আছিল মহা সমন্বয়ৰ ৰূপকাৰ । এনে বিশিষ্ট ব্যক্তিৰ আদৰ্শই আমাক ইতিবাসক চিন্তাৰে আগুৱাই যোৱাত সহায় কৰিব । লেখিকাই ইতিমধ্যে গ্ৰন্থ খনত কৈছে যে ‘চ্চাও’ শব্দৰ অৰ্থ দেৱতা। সময়ৰ গতিত ইয়াৰ অৰ্থ গৰাকী আৰু ৰজাত পৰিণত হ’ল। ফা মানে স্বর্গ। মহাসমন্বয়ৰ ৰূপকাৰ মহামতি ছু্যু-কা-ফাৰ জীবনালেখ্যৰ আধাৰত ৰচিত উপন্যাস খনে নিশ্চয় পাঠক সমাজক উপকৃত কৰিব । সভাৰ আৰম্ভণিতে বন্তি প্রজ্বলন কৰে অজিত চন্দ্ৰ খনিকৰে ।
সহযোগ কৰে গণেশ চন্দ্ৰ গোস্বামী আৰু ডঃ ঘনশ্যাম নাথে। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্রফুল্ল কুমাৰ নাথ আৰু বিশিষ্ট লেখক ৰিপুঞ্জয় গগৈয়ে । অনুষ্ঠানত ‘চ্চাওফা’ৰ প্রকাশক তথা চন্দ্ৰ প্ৰকাশৰ স্বত্বাধিকাৰী ডাঃ ববীন্দ্র শর্মাও সভাত উপস্থিত থাকি বৰ অসমৰ লাইখুঁটা পুতোঁতা ছু্যু-কা-ফাৰ কৰ্ম আৰু চিন্তাশীলতাৰ ওপৰত ৰচিত উপনাস ‘চ্চাওফা’ প্রকাশ কৰি তেখেত বহুত সুখী বুলিও ভাষণ প্রসংগত মত ব্যক্ত কৰে। সভাপতিৰ ভাষণত ধীৰেন শর্মাই কয় যে ‘চ্চাওফা’ অসনীয়া সাহিত্য জগতলৈ এক বিৰল সংযোজন আৰু এই নৱতম উপন্যাসখনে অসমীয়া সাহিত্য জগতৰ বহুদিনীয়া অভাব এটা পুৰণ কৰিলে বুলি সভাপতিৰ মন্তব্যত দোহাৰে। সভাত গ্ৰন্থৰ লেখক পাদুমী গগৈ গ্ৰন্থ খনৰ আঁৰৰ কথা উল্লেখ কৰি কয় যে আমাৰ সমাজত বিভিন্ন সমল আছে বুলি ভাবি থাকিলে নহব । আমি সংৰক্ষণ কৰিব লাগিব । গ্ৰন্থখনত এনে কিছুমান কথা সংৰক্ষণ কৰিব বিচৰা হৈছে । গ্ৰন্থখন পাঠক সমাজে আঁকোৱালি ললে উপকৃত হম ।