বনভোজ খাবলৈ যোৱাৰ পথতেই এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী বাহন। কোকৰাঝাৰ জিলাৰ শিখনা জহ্লাও ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ বিশ্বমূৰী-সৰলপাৰা পথৰ উল্টাপানীৰ সমীপত শুকুৰবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা। গোৱালপাৰাৰ পৰা সৰলপাৰা অভিমুখে গৈ থকাৰ সময়তে এএছ ০১ এফবি ৩৮৬৭ পঞ্জীয়ন নম্বৰৰ বাহনখন পথৰ কাষৰ খাৱৈত বাগৰি পৰাত গুৰুতৰভাৱে আহত হয় ৫ গৰাকীকৈ যুৱক।
জানিব পৰা মতে, বনভোজৰ উদ্দেশ্যে অহা বাহনখনৰ গতিবেগ অত্যন্ত বেছি আছিল। তীব্ৰ গতিৰ বাবেই চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু বাহনখন পথৰ পৰা পিছলি গৈ কাষৰ এটা দ খাৱৈত বাগৰি পৰে। ফলত বাহনখনত থকা আটাইকেইজন যুৱক কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আহত যুৱকসকলক উদ্ধাৰ কৰে। ততাতৈয়াকৈ আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও বৰ্তমানলৈকে তেওঁলোকৰ স্বাস্থ্যৰ সঠিক বুজ পোৱা হোৱা নাই।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ মাজেৰে যোৱা এই একা-বেকা পথসমূহত চালকসকলে প্ৰায়ে তীব্ৰ বেগেৰে বেপৰোৱাভাৱে বাহন চলোৱাৰ বাবেই এনেদৰে সঘনাই দুৰ্ঘটনাবোৰ সংঘটিত হ’বলৈ পাইছে। ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ এক তদন্ত আৰম্ভ কৰিছে।
