কয়াকুছিত ব্লক কংগ্ৰেছৰ উদ্যোগত বৃহৎ ইফতাৰ পাৰ্টি

92

সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি মহাবিদ্যালয়ত পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সহযোগত  এক বৃহৎ ইফতাৰ পাৰ্টীৰ আয়োজন হৈ যায়।

প্ৰায় পাঁচ সহস্ৰাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা ইফতাৰ মেহফিলত বৰপেটা লোকসভাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দ্বীপ বায়নে অংশগ্ৰহণ কৰি সকলোৰে পৰা আশীৰ্বাদ গ্ৰহণ কৰে।

এই ইফতাৰ পাৰ্টীত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ , বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, অভয়াপুৰী, উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক আদিকে কৰি কংগ্ৰেছ দলৰ বহুত শীৰ্ষ পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰি নিজৰ নিজৰ চমু ভাষণ দিয়ে।