জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ একত্ৰিংশতম বৰ্ষৰ চতুৰ্থখন বৈঠক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । সমিতিৰ সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সমিতিৰ সদস্যাসকলে আৰম্ভণি গীত পৰিৱেশন কৰাৰ পাছত উদ্দেশ্য ব্যাখ্যা আৰু বিগত সভাৰ প্ৰতিবেদন পাঠ কৰে সম্পাদিকা গীতিকা দাসে। আৰম্ভণিতে কবি , সাহিত্য সমালোচক, অনুবাদক আনিছ উজ্ জামানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে।
শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত বৈঠকত মণিকা পাটোৱাৰীয়ে শংকৰদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰে। শ্ৰীমন্ত শঙ্কৰ দেৱৰ জীৱন, দৰ্শন,সাহিত্য সংস্কৃতি আদি সৃষ্টি ৰাজিৰ বিভিন্ন বিষয়ক লৈ প্ৰবন্ধ পাঠ কৰে গীতালি দেৱী, বৈজয়ন্তী ৰাভা , ৰুণুমী নাথ, মণিৰূপা মিশ্ৰই। ঘোষা পৰিবেশন কৰে গীতিকা শৰ্মাই। স্বৰচিত কবিতা পাঠ কৰে ৰেখা বৈশ্য আৰু মানসী শৰ্মাই।
নীলমণি ফুকনদেৱৰ এটি কবিতা আবৃত্তি কৰে গীতিকা দাসে। স্বৰচিত গল্প পাঠ কৰে মামনি শৰ্মাই। গীত পৰিবেশন কৰে ৰুণুমী নাথ আৰু ৰেখা বৈশ্যই। সভানেত্ৰী প্ৰজ্ঞা গোস্বামীয়ে আহিন বিষয়ক স্বৰচিত কবিতা এটা পাঠ কৰে। অসম সংগীতেৰে সামৰণি পৰা বৈঠকত শলাগৰ শৰাই আগবঢ়াই মণিৰূপা মিশ্ৰই।
