মাতৃৰ জীৱন ৰক্ষাৰ আশা লৈ চিকিৎসালয়লৈ আহি নিজেই অকাল মৃত্যুক সাৱটি ল’লে এগৰাকী দুৰ্ভগীয়া যুৱকে। মহানগৰীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ নিৰ্মীয়মান অংশৰ ছাদ ভাঙি মূৰত পৰাৰ ফলত এগৰাকী ৰোগীৰ আত্মীয়ৰ কৰুণ মৃত্যু ঘটে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে।
মৃত যুৱকজনক ধুবুৰী জিলাৰ গোলকগঞ্জৰ মনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত মাতৃৰ উন্নত চিকিৎসাৰ বাবেই মনোৱাৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ লৈ আহিছিল। চিকিৎসালয় চৌহদত কাম-কাজ চলি থকা অৱস্থাতে নিৰ্মীয়মান ছাদৰ এটা অংশ খহি হঠাৎ মনোৱাৰৰ মূৰৰ ওপৰত পৰে।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক লগে লগে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে। হাস্পতাল চৌহদত নিৰ্মাণকাৰ্য চলোৱাৰ সময়ত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনে ভয়ংকৰ অঘটন ঘটিবলৈ পালে বুলি ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে। এই হৃদয়বিদাৰক ঘটনাই চিকিৎসালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।
