শুকুৰবাৰে ফিফা বিশ্বকাপ ২০২৬-ৰ নামত দুটা ঐতিহাসিক অভিলেখ লিপিবদ্ধ হৈছে। বিশ্বকাপৰ কোনো এটা সংস্কৰণত আটাইতকেই বেছি গ’ল হোৱাৰ অভিলেখ এইবাৰ ফিফা বিশ্বকাপ ২০২৬-ত গঢ়া হৈছে। এই ঐতিহাসিক অভিলেখটো গ্ৰুপ ‘ডি’ত আমেৰিকা আৰু তুৰস্কৰ মাজত খেলা খেলখনত গঢ়া হৈছে। খেলৰ আৰম্ভণিতে আমেৰিকাৰ ডিফেণ্ডাৰ অ’ষ্টিন ট্ৰাষ্টীয়ে গ’ল কৰি টুৰ্নামেণ্টৰ ১৭৩ নম্বৰ গ’লটো দিয়ে। ইয়াৰ লগে লগেই ২০২২ চনৰ কাটাৰ বিশ্বকাপৰ অভিলেখ ভংগ হয়, য’ত গোটেই টুৰ্নামেণ্টখনৰ ৬৪খন খেলত মুঠ ১৭২টা গ’ল হৈছিল। মন কৰিবলগীয়া কথাটো হ’ল যে ফিফা বিশ্বকাপ ২০২৬-ত এই অভিলেখ কেৱল ৫৯খন খেলতেই গঢ়া হৈছে। এইখন খেলত আৰু ৪টা গ’ল হয়। তুৰস্কই সুন্দৰ প্ৰত্যাৱৰ্তন কৰি আমেৰিকাক ৩-২ ব্যৱধানত পৰাজিত কৰে আৰু টুৰ্নামেণ্টত মুঠ গ’লৰ সংখ্যা ১৭৭ হয়গৈ।ফিফাৰ সভাপতি জিয়ানী ইনফেন্টিনোই এই সফলতাত আনন্দ প্ৰকাশ কৰিছে। তেওঁ কয় যে ইমান কম সংখ্যক খেলত নতুন অভিলেখ গঢ়া কাৰ্যই প্ৰমাণ কৰে যে এইবাৰ টুৰ্নামেণ্টত আক্ৰমণাত্মক ফুটবল দেখিবলৈ পোৱা গৈছে। খেলুৱৈসকলৰ সুন্দৰ প্ৰদৰ্শন আৰু ধাৰাবাহিকভাৱে হোৱা গ’লে এই বিশ্বকাপক স্মৰণীয় কৰি তুলিছে। তেওঁ লগতে কয় যে এতিয়াও নকআউট পৰ্যায়ৰ বহু খেল বাকী আছে, গতিকে গ’লৰ সংখ্যা আৰু বৃদ্ধি পাব।
এইবাৰৰ বিশ্বকাপ আগতকৈ ডাঙৰ, কাৰণ দলৰ সংখ্যা ৩২ৰ পৰা ৪৮লৈ বৃদ্ধি কৰা হৈছে। সেইবাবেই মুঠ খেলৰ সংখ্যাও ৬৪ৰ পৰা ১০৪লৈ বৃদ্ধি পাইছে, যাৰ ফলত অভিলেখ গঢ়াৰ সম্ভাৱনাও বাঢ়ি গৈছে।কেৱল গ’লৰ ক্ষেত্ৰতেই নহয়, দৰ্শকৰ সংখ্যাৰ ফালৰ পৰাও এই বিশ্বকাপে এক নতুন ইতিহাস ৰচনা কৰিছে। এতিয়ালৈকে ৩৬ লাখ ৫ হাজাৰ ৩৫৭ জনতকৈও অধিক লোকে ষ্টেডিয়ামত উপস্থিত হৈ বিশ্বকাপৰ খেলসমূহ উপভোগ কৰিছে। ফিফা বিশ্বকাপৰ ইতিহাসত টুৰ্নামেণ্টৰ এই পৰ্যায়লৈকে এয়া আটাইতকৈ ডাঙৰ দৰ্শকৰ সংখ্যা। ইয়াৰ আগতে আটাইতকৈ বেছি দৰ্শক উপস্থিতিৰ অভিলেখ ১৯৯৪ চনৰ বিশ্বকাপত গঢ়া হৈছিল। সেই বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ শেষলৈকে প্ৰায় ৩৫ লাখ লোক ষ্টেডিয়ামলৈ আহিছিল। অৱশ্যে ফিফা বিশ্বকাপ ২০২৬-এ সেই অভিলেখ পিছ পেলাই থৈ গৈছে। ইনফেন্টিনোই কয় যে সমগ্ৰ বিশ্বৰ পৰা ইমান বৃহৎ সংখ্যক অনুৰাগী ষ্টেডিয়ামলৈ অহাটোৱে ফুটবলৰ প্ৰতি মানুহৰ মৰম প্ৰদৰ্শন কৰে।
তেওঁ সকলো দৰ্শককে ধন্যবাদ জ্ঞাপন কৰি কয় যে ১৬খন আয়োজক চহৰৰ পৰিৱেশ অতি সুন্দৰ হৈছে আৰু এই টুৰ্নামেণ্টে মানুহক একগোট কৰাৰ কাম কৰিছে।তেওঁ আশা প্ৰকাশ কৰে যে টুৰ্নামেণ্টখনৰ আটাইতকৈ ৰোমাঞ্চকৰ সময়খিনি এতিয়াও বাকী আছে আৰু অনাগত দিনত বহু নতুন অভিলেখ গঢ়িব পাৰে। তেওঁৰ মতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীসকলে এই আয়োজন উপভোগ কৰক আৰু এনে কিছুমান স্মৃতি লৈ যাওক যিবোৰ তেওঁলোকে জীৱনজুৰি মনত ৰাখিব। টুৰ্নামেণ্টখনৰ চলি থকাৰ মাজতে ১৭ জুনত আন এক ডাঙৰ অভিলেখ গঢ়া হৈছিল। সেইদিনা খেলা গ্ৰুপ পৰ্যায়ৰ চাৰিখন খেল চাবলৈ ২,৮১,২২৩ জন দৰ্শক ষ্টেডিয়ামলৈ আহিছিল। কোনো এটা দিনত বিশ্বকাপৰ খেল চাবলৈ অহা দৰ্শকৰ এয়া এক নতুন অভিলেখ। ইয়াৰ পূৰ্বে এই অভিলেখ ১৯৯৪ চনৰ বিশ্বকাপত গঢ়া হৈছিল, যেতিয়া এদিনত চাৰিখন খেল চাবলৈ ২,৭৭,০৭০ জন লোক উপস্থিত হৈছিল।
