অভিলেখসংখ্যক অষ্টমবাৰৰ বাবে এছিয়া কাপ খিতাপ দখল কৰা সত্ত্বেও ভাৰতীয় মহিলা ক্ৰিকেট দলে জয়ৰ ট্রফী গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি তথা পাকিস্তান ক্ৰিকেট বোৰ্ডৰ মুৰব্বী মহছিন নকভিৰ হাতৰ পৰা এই ট্ৰফী গ্ৰহণ নকৰিবলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে গ্ৰহণ কৰা কঠোৰ স্থিতিক পূৰ্ণ সমৰ্থন জনাইছে দলটোৱে।সোমবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত শ্ৰীলংকাক ৭২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলে এই সাফল্য অৰ্জন কৰে।
কিন্তু মেচৰ পাছত বঁটা বিতৰণ অনুষ্ঠানত নকভিৰ পৰা ট্রফী নোলোৱাৰ বি চি চি আইৰ স্থিতি সন্দৰ্ভত প্ৰধান প্ৰশিক্ষক অমোল মুজুুমদাৰে কয়— বি চি চি আয়ে যি স্থিতি লৈছে, সমগ্ৰ দলটোৱে তাৰ সৈতে ঐক্যবদ্ধভাৱে থিয় দিছে। আমাৰ বাবে এই প্ৰতিযোগিতাখন শেষ হ’ল আৰু আমি চেম্পিয়ন হৈছোঁ, সেয়াই যথেষ্ট। ভাৰতীয় দলৰ প্ৰধান প্ৰশিক্ষক অমোল মুজুমদাৰে স্পষ্ট কৰি দিয়ে যে বি চি চি আইৰ এই সিদ্ধান্তৰ লগত সমগ্ৰ খেলুৱৈ আৰু সহায়ক কৰ্মীসকল একত্ৰিত।
ইয়াৰ পূৰ্বে ২০২৫ চনৰ পুৰুষৰ এছিয়া কাপতো সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বাধীন ভাৰতীয় দলে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত নকভিৰ হাতৰ পৰা ট্ৰফী ল’বলৈ অস্বীকাৰ কৰিছিল। সেই ট্রফী বৰ্তমানো ডুবাইস্থিত এ চি চিৰ মুখ্য কাৰ্যালয়তে আছে। এছিয়া কাপৰ জয়ৰ পাছত এতিয়া ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ১৯ ছেপ্টেম্বৰৰ পৰা জাপানত অনুষ্ঠিত হ’বলগীয়া ‘এছিয়ান গেমছ’ৰ বাবে নিজকে সাজু কৰি তুলিছে, য’ত দলে ডিফেন্ডিং চেম্পিয়ন হিচাপে অৱতীৰ্ণ হ’ব।
