বকোৰ পয়ৰাঙ্গা উদীয়মান যুৱক সংঘৰ উদ্যোগত আয়োজিত টেনিছ বল প্ৰতিযোগিতাৰ চূড়ান্ত খেল

1619

এই পৃথিৱী এক ক্ৰীড়াঙ্গন ; খেল হ’ল শান্তিৰ প্ৰাংগন “বাণীৰে কামৰূপ জিলাৰ বকোৰ পয়ৰঙ্গাত আয়োজন কৰা হৈছিল টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। পয়ৰঙ্গা উদীয়মান যুৱক সংঘৰ সভাপতি বাহাৰুল ইছলাম আৰু সম্পাদক আজিজুৰ ৰহমানে জনোৱা মতে ; বৃহত্তৰ অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ মুঠ একৈশ টা ক্ৰিকেট খেলুৱৈ দলে অংশগ্ৰহণ কৰা খেল খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ বকো পৰিষদীয় সমষ্টিৰ পাৰিষদ সুমিত ৰাভাই।

আজি চুড়ান্ত খেলত ডি চি চি ক্ৰিকেট দলে চেম্পিয়ন সন্মান লাভ কৰে। আবেলি পৰত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি খলিহাকোঠ সমষ্টিৰ পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে খেলুৱৈ সকলোক উৎসাহ উদ্দীপনা জগাই। খেলত বেষ্ট খেলুৱৈ আৰু বিজেতা সহ বিজয়ী দলক বঁটা প্ৰদান কৰা হয়।খেলৰ শেষত বহু কেইজন বিশিষ্ট ব্যক্তিক সম্বোৰ্ধনা জনোৱা হয়।