টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা নীল ৱাগনাৰৰ

1387

নিউজিলেণ্ডৰ দ্ৰুত বলাৰ নীল ৱাগনাৰে ৩৭ বছৰ বয়সত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ৱাগনাৰে নিউজিলেণ্ডৰ হৈ ৬৪ খন টেষ্ট মেচ খেলিছে, য’ত তেওঁ ৩৭ ৰ গড়ত ২৬০ টা উইকেট দখল কৰিছে। তেওঁ নিউজিলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাত পাঁচ নম্বৰত আছে।

বৃহস্পতিবাৰৰ পৰা ৱেলিংটনত অনুষ্ঠিত হ’বলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে বাওঁহাতৰ ফাষ্ট বলাৰে নিউজিলেণ্ড দলত স্থান পোৱাৰ সম্ভাৱনা নাছিল আৰু ইয়াৰ মাজতে অৱসৰ ঘোষণা কৰে। ৱাগনাৰে ২০১২ চনত টেষ্ট অভিষেক কৰিছিল আৰু নিউজিলেণ্ডৰ আটাইতকৈ সফল যাত্ৰাৰ এক অবিচ্ছেদ্য অংশ আছিল।

তেওঁ ২০২২ চনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰা দলটোত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৱাগনাৰে খেলা ৬৪ খন টেষ্ট মেচৰ ভিতৰত নিউজিলেণ্ডে ৩৪ খনত জয়লাভ কৰিছিল। ৱাগনাৰ ২০০৮ চনত দক্ষিণ আফ্ৰিকাৰ পৰা নিউজিলেণ্ডলৈ যায় আৰু ওটাগো প্ৰদেশৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত নিজক প্ৰতিষ্ঠা কৰে।