মঞ্জুলা কলা কেন্দ্ৰৰ উদ্যোগত যোৰহাট বৰখঙীয়াত শিক্ষাবিদ, ৰূপকাৰ সোণধৰ বৰা সোঁৱৰণী সমন্বয় ক্ষেত্ৰ আৰু শ্ৰীশ্ৰী নাৰায়ন চন্দ্ৰ দেৱ গোস্বামী সোঁৱৰণী অস্থায়ী নাট ঘৰত যোৱা ২২ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ আয়োজিত সদৌ অসম অংকীয়া ভাওনা সমাৰোহ,২০২৪ত অসমৰ প্ৰায় বাৰ খন জিলাৰ ১৫ টাকৈ অংকীয়া ভাওনা দলে অংশগ্ৰহণ কৰে। চাৰি দিনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ আটাইকেইখন অংকীয়া ভাওনা আৰু ঝুমুৰা সমাৰোহত পৰিৱেশন কৰা হয়।
নগাঁও জিলাৰ পুৰণিগুদামৰ পৰা অনিত্য ভূঞাৰ পৰিচালনাত ২৩ মাৰ্চত শঙ্কৰদেৱ গুৰুজনাৰ ” পাৰিজাত হৰণ” আৰু ২৫ মাৰ্চ অৰ্থাৎ শেষৰ দিনা শংখধ্বনি শিল্পী সমাজে ভাস্কৰ্য্য পূৰ্ণ গায়ন, হিমাশ্ৰী সেনাপতি আৰু জ্ঞানদ্বীপ হাজৰিকাৰ পৰিচালনাত শঙ্কৰদেৱ গুৰুজনাৰ ” কেলিগোপাল” অংকীয়া নাট খনি পৰিৱেশন কৰে। কালি অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত শংখধ্বনি শিল্পী সমাজে শ্ৰেষ্ঠ দলৰ সন্মানৰ লগতে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান ভাস্কৰ্য পূৰ্ণ গায়নে লাভ কৰে আৰু নাট্যম দ্যা গ্ৰীণ থিয়েটাৰৰ কৃষ্ণিকা বৰাই তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে উজনি অসমত অংকীয়া ভাওনাৰ ক্ৰমান্বয়ে হোৱা বিলুপ্তিৰ পৰিপ্ৰেক্ষিতত মঞ্জুলা কলা কেন্দ্ৰই ভাওনাৰ ঘাই শিপা ডালৰ সৈতে নৱ প্ৰজন্মক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে এই সমাৰোহ অনুষ্ঠিত কৰা হৈছে বুলি মঞ্জুলা কলা কেন্দ্ৰৰ অধ্যক্ষ ভবেন হাজৰিকাই অৱগত কৰে।