দুৰ্গম অঞ্চললৈ ডাক সেৱা দ্ৰুত আৰু সহজ কৰি তোলাৰ লক্ষ্যৰে ড্ৰ’ন প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ কৰিছে ভাৰতীয় ডাক বিভাগে। অসম আৰু হিমাচল প্ৰদেশৰ ১৫০টা পথ সামৰি দেশৰ সৰ্ববৃহৎ ডাক ড্ৰ’ন নেটৱৰ্কৰ সূচনা কৰা হৈছে।
ড্ৰ’ন লজিষ্টিকছ প্ৰতিষ্ঠান স্কাই এয়াৰ ম’বিলিটিৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে এই ব্যৱস্থা গঢ়ি তুলিছে ভাৰতীয় ডাক বিভাগে। এই ব্যৱস্থাৰ অধীনত একাউণ্ট কাৰ্যালয় আৰু শাখা ডাকঘৰৰ মাজত ডাকৰ বেগ ড্ৰ’নৰ জৰিয়তে পৰিবহণ কৰা হ’ব।
মুঠ ১৫০টা পথৰ ভিতৰত হিমাচল প্ৰদেশত ১১০টা আৰু অসমত ৪০টা পথ সামৰি লোৱা হৈছে। বন্যা, পাহাৰীয়া ভূখণ্ড আৰু সীমিত যাতায়াত ব্যৱস্থাৰ বাবে যিবোৰ অঞ্চলত নিয়মীয়া ডাক সেৱা প্ৰদান কৰাত সমস্যাৰ সৃষ্টি হয়, সেই অঞ্চলসমূহক এই নেটৱৰ্কৰ জৰিয়তে সংযোগ কৰাৰ লক্ষ্য লোৱা হৈছে।
স্কাই এয়াৰ ম’বিলিটিৰ তথ্য অনুসৰি, ব্যৱহাৰ কৰা ড্ৰ’নসমূহে সৰ্বাধিক ১০ কিলোগ্ৰাম পৰ্যন্ত সামগ্ৰী কঢ়িয়াব পাৰে। ৫ কিলোমিটাৰৰ পৰা ৮০ কিলোমিটাৰৰো অধিক দূৰত্বৰ পথত চলিব পৰা এই ড্ৰ’নসমূহত কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক স্বয়ংক্ৰিয় নেভিগেশ্যন ব্যৱস্থা সংযোজন কৰা হৈছে। ভূখণ্ড আৰু বতৰৰ পৰিস্থিতি অনুসৰি ড্ৰ’নে নিজে উৰণপথ নিৰ্ধাৰণ কৰিব পাৰে।
নতুন ব্যৱস্থাটোৰ জৰিয়তে ডাক-পত্ৰৰ লগতে পেঞ্চন-সম্পৰ্কীয় নথি-পত্ৰ, চৰকাৰী জাননী, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী দুৰ্গম অঞ্চললৈ পঠিওৱা সহজ হ’ব। বিশেষকৈ বন্যা বা তুষাৰপাতৰ সময়ত পথ যোগাযোগ ব্যাহত হোৱা অঞ্চলসমূহত এই সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ আশা কৰা হৈছে।
কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই এই সন্দৰ্ভত কয় যে ড্ৰ’নভিত্তিক ডাক আৰু পাৰ্চেল বিতৰণ ব্যৱস্থাই সময় যথেষ্ট হ্ৰাস কৰিব। হিমাচল প্ৰদেশৰ মাণ্ডী-ৰেহাৰধাৰ পথত পূৰ্বে কেইঘণ্টামান সময় লগা যাত্ৰা এতিয়া মাত্ৰ সাত মিনিটতে সম্পূৰ্ণ কৰিব পৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
স্কাই এয়াৰ ম’বিলিটিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অংকিত কুমাৰে কয় যে এই অংশীদাৰিত্বৰ জৰিয়তে পৰম্পৰাগত পৰিবহণ ব্যৱস্থাই সমস্যাৰ সন্মুখীন হোৱা অঞ্চলসমূহলৈ নিৰ্ভৰযোগ্য সংযোগ নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে।
এই পদক্ষেপ ২০৩০ চনৰ ভিতৰত ভাৰতক বিশ্বৰ অন্যতম ড্ৰ’ন হাব হিচাপে গঢ়ি তোলাৰ কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্যৰ সৈতে সংগতিপূৰ্ণ। ইয়াৰ পূৰ্বে হিমাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশত ড্ৰ’নৰ জৰিয়তে ডাক বিতৰণৰ পৰীক্ষামূলক অভিযান সফলভাৱে চলোৱা হৈছিল।
