বর্ণালী সাংস্কৃতিক কেন্দ্ৰৰ একাদশ প্ৰতিস্থা দিৱসত “শ্ৰীকৃষ্ণ লীলা” দ্বিতীয় শীৰ্ষক চলচিত্ৰৰ শুভ মহুৰত

821

অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া মঞ্জুলা ভট্ৰাচায্যৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুস্থানটিত সমবেত সংগীত, সত্ৰীয়া নৃত্য ,গীত ,কবিতা পাঠ আদি ৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুস্থিত হৈ যোৱা চিত্ৰাংকণ প্ৰতিযোগিতা আৰু সাধু কোৱা প্ৰতিযোগিতাৰ  আৰু মহিলা সকলৰ মাজত অনুস্থিত হৈ যোৱা আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ বিজয়ী সকলকো বটাঁ প্ৰদান কৰা হয়। অনুস্থানটিত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী চেতনা দাস, ড° ছবিন ৰাজখোৱা ,কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব। ড° নগেন ভূঞা যুটিয়া অধিবক্তা, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ।

বিশিষ্ট সংগীত শিল্পী মহেশ্বৰ বৰা, বিশিষ্ট চিত্ৰগ্ৰহণ কাৰী সুমন দুৱৰা ,সমাজ বন্ধু চাজন ভূঞা ইত্যাদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি। উল্লেখ্য যে বণালী সাংস্কৃতিক কেন্দ্ৰৰ প্ৰতিস্থাপক বিশিষ্ট সাংস্কৃতিক কৰ্মী ড° ৰুক্মিণী বৰাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত শ্ৰীকৃষ্ণলীলা শীৰ্ষক চলচিত্ৰ খনৰ দ্বিতীয় খন্দৰ শুভ মহুৰত ও কৰা হয় । 

উক্ত অনুস্থানতে  মূহুৰত অনুস্থানত কেমেৰাত মাল্যাপণ কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে। ছবিখনৰ শুভমহুৰতৰ লগতে প্ৰদশনী মূলক দৃশ্যাযনো কৰা হয়। উল্লেখ্য শ্ৰীকৃষ্ণ লীলা শীৰ্ষক  চলচিত্ৰখনে ইতিমধ্যে আন্তৰ্জাতিক ফ্লিম ফেয়াৰ চচাইটিলৈ নিৰ্বাচিতো হৈছে।