টাটা মটৰ্ছৰ ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত বৃদ্ধি পাইছে বাহনৰ বিক্ৰীৰ পৰিমাণ

790

টাটা মটৰ্ছ লিমিটেডে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ বিক্ৰীৰ পৰিসংখ্যা প্ৰকাশ কৰিছে, য’ত যাত্ৰী আৰু বাণিজ্যিক বাহন দুয়োটা শাখাতে এক প্ৰশংসনীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত টাটা মটৰ্ছে মুঠ বিক্ৰীৰ পৰিমাণ ২,৬৫,০৯০খনলৈ বৃদ্ধি কৰিছে, যি পূৰ্বৰ বিত্তীয় বৰ্ষৰ এই সময়ছোৱাত ২,৫১,৮২২ ইউনিটৰ তুলনাত উল্লেখযোগ্য বৃদ্ধি দেখা গৈছে। কোম্পানীটোৰ যাত্ৰীবাহী বাহন (পিভি) খণ্ডত যথেষ্ট উত্থান ঘটিছে আৰু মুঠ বিক্ৰী ১,৫৫,৬৫১ ইউনিটত উপনীত হৈছে, এই প্ৰদৰ্শন বছৰৰ পিছত বছৰ ধৰি ১৫% শক্তিশালী বৃদ্ধিৰ প্ৰতিফলন দেখা গৈছে। আনহাতে, বাণিজ্যিক বাহন (চিভি) খণ্ডত একে সময়ছোৱাত ১,০৯,৪৩৯ ইউনিট বিক্ৰী হৈছে, যিয়ে ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ তুলনাত ৬% সামান্য হ্ৰাস দেখা গৈছে।

এই সামান্য হ্ৰাসৰ পিছতো টাটা মটৰ্ছে বাণিজ্যিক বাহনৰ ভৱিষ্যতৰ দৃষ্টিভংগীৰ প্ৰতি আশাবাদী হৈ আছে, লগতে আশাব্যঞ্জক জিডিপি বৃদ্ধিৰ প্ৰক্ষেপণ, চৰকাৰী পদক্ষেপ বা নীতি আৰু বৰ্তমানে অব্যাহত থকা আন্তঃগাঁথনি প্ৰকল্পসমূহক অনাগত ত্ৰৈমাসিকত চাহিদা বৃদ্ধি কৰিব পৰা কাৰক হিচাপে উল্লেখ কৰিছে টাটা মটৰ্ছে। টাটা মটৰ্ছ লিমিটেডৰ কাৰ্যবাহী সঞ্চালক গিৰীশ ৱাঘে টাটা মটৰ্ছৰ বাহনৰ পৰ্টফলিঅ’ত প্ৰধান গুণাগুণসমূহ বৃদ্ধি কৰাৰ ওপৰত কৌশলগত অগ্ৰগতিত গুৰুত্ব আৰোপ কৰিছে, যাৰ ফলত বিত্তীয় বৰ্ষ ২৪ত সামগ্ৰিক বিক্ৰীৰ পৰিমাণ প্ৰায় ৩,৯৬,০০০ ইউনিট হৈছেগৈ। ৱাঘে উল্লেখ কৰে যে যদিও ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ঘৰুৱা বিক্ৰী পূৰ্বৰ বছৰতকৈ সামান্য কম আছিল, তথাপিও স্মাৰ্ট প্ৰযুক্তিৰে সজ্জিত কোম্পানীৰ অফাৰসমূহ গ্ৰাহকসকলে ভালদৰে আঁকোৱালি লৈছে।

টাটা মটৰ্ছে যাত্ৰীবাহী বাহন খণ্ডত বিক্ৰীৰ উল্লেখযোগ্য প্ৰদৰ্শনৰ সাক্ষী হৈছিল, এই সময়ছোৱাত ঘৰুৱা বিক্ৰী ১,৫৫,০১০ ইউনিট কৰিবলৈ সক্ষম হৈছে, যি ২৩ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ তুলনাত ১৫% বৃদ্ধি দেখা গৈছে। টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ পৰিচালন সঞ্চালক শৈলেশ চন্দ্ৰই বিশেষভাৱে ইলেক্ট্ৰিক বাহন (ইভি) আৰু কমপ্ৰেছড নেচাৰেল গেছ বা সংকুচিত প্ৰাকৃতিক গেছ (চিএনজি) খণ্ডত নিৰ্গমন-বন্ধুত্বপূৰ্ণ পাৱাৰট্ৰেইনৰ ক্ৰমবৰ্ধমান চাহিদাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। ইভি আৰু চিএনজি বাহনৰ বিক্ৰীয়ে শক্তিশালী বৃদ্ধিৰ ইংগিত দেখুৱাইছে, এই দৃশ্যপটে টাটা মটৰ্ক এনে বাহন প্ৰদান কৰি গ্ৰাহকৰ বিকশিত প্ৰয়োজনীয়তা পূৰণৰ প্ৰতি নিজৰ সমৰ্পণ প্ৰদৰ্শন কৰিছে, যিয়ে পৰিৱেশন, বহনক্ষমতা আৰু উদ্ভাৱনৰ এক উত্কৃষ্ট সংমিশ্ৰণ প্ৰদান কৰে।