এক অনন্য ডিজিটেল অভিযান ফাডাৰ্ছ ‘জাডুই পকেট’ উন্মোচন টাটা এআইএইৰ

126

পিতৃ শব্দৰ কোনো তুলনা নহয়। জীৱনলৈ হাজাৰ বাধা আহিলেও এজন পিতৃয়ে নিজৰ সন্তানক সুৰক্ষা আৰু ভৰণ-পোষণ যোগান ধৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰে। সন্তানক সকলো প্ৰকাৰৰ সুখ দিবলৈ যাওঁতে পিতৃৰ হাতত সদায় এটা গোপন কথা বা চিক্ৰেট থাকে। এই পিতৃ দিৱসত ভাৰতৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান টাটা এ আই এ লাইফ ইঞ্চুৰেঞ্চ (টাটা এ আই এ)য়ে ‘জাদুই পকেট কা ছিক্ৰেট’(দ্য চিক্ৰেট অৱ দ্য মেজিক পকেট) শীৰ্ষক এক বিশেষ ডিজিটেল অভিযান আৰম্ভ কৰিছে য’ত পিতৃয়ে সন্তানৰ সপোনবোৰ কেনেকৈ বাস্তৱ কৰি তুলিব পাৰে তাৰ প্ৰকৃত ৰহস্য উন্মোচন কৰিছে।

প্ৰচাৰ ছবিখনে এজন দায়িত্বশীল পৰিয়ালৰ গৰাকী বা মূল ব্যক্তি হিচাপে আৰ্থিক ব্যৱস্থাৰ তাৎপৰ্যক আলোকপাত কৰি প্ৰৌজ্বল ৰূপত তুলি ধৰিছে। সম্প্ৰচাৰিত কাহিনীটোত এজন পুত্ৰই নিজৰ যাদুকৰী পকেট জাডুই পকেটৰ জৰিয়তে নিজৰ সপোন পূৰণ কৰা দেখিছে। পিতৃ হিচাপে দেউতাকে লগে লগে প্ৰকাশ কৰে নিজৰ জাডুই পকেটৰ আঁৰৰ প্ৰকৃত গোপন কথা। ফৰেষ্ট ফিল্মছে প্ৰযোজনা কৰা এই ছবিখনত পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে ৰজত কাপুৰে।

চিনেমাখনত দেউতাকৰ ‘দ্য মেজিকেল পকেট’ আৰু টাটা এআইএৰ ফৰ্চুন গেৰাণ্টী প্লাছ চেভিংছ প্লেনৰ অন্বেষণ কৰা হৈছে আৰু পিতৃৰ স্পৰ্শৰ যাদু প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ লগতে সমগ্ৰ আঁচনিখনৰ সময়ছোৱাত নিশ্চিত নিয়মীয়া আয়ো প্ৰদান কৰে। এই বিষয়ে সদৰি কৰি টাটা এআইএ লাইফ ইঞ্চুৰেঞ্চৰ মুখ্য বিপণন বিষয়া গিৰীশ কালৰাই কয় যে, “আমাৰ গেৰাণ্টিযুক্ত ইনকাম প্লেন হৈছে বিচক্ষণ বিত্তীয় পৰিকল্পনাৰ জৰিয়তে পিতৃসকলে নিজৰ সন্তানৰ আকাংক্ষা বা সপোন পূৰণৰ বাবে পৰিকল্পনা কৰিব পৰা এক সঠিক উপায়।”