পৰিৱেশ আইন উলংঘন কৰি পূৰ্বানুমোদন নোলোৱাকৈ প্ৰকল্প আৰম্ভ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি অহা বৃহৎ ৰেহাই ব্যৱস্থাত এইবাৰ ডাঙৰ আঘাত হানিলে সৰ্বোচ্চ ন্যায়ালয়ে। বুধবাৰে এক গুৰুত্বপূৰ্ণ ৰায়ত ২০২১ চনত কেন্দ্ৰই জাৰি কৰা সেই কাৰ্যালয় স্মাৰক বাতিল কৰে শীৰ্ষ ন্যায়ালয়ে। উল্লেখ্য যে, কেন্দ্ৰৰ নিৰ্দেশনাৰ জৰিয়তে কাম আৰম্ভ কৰাৰ পিছতো পৰিৱেশগত অনুমোদন লাভ কৰাৰ সুযোগ প্ৰদান কৰা হৈছিল।
মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চলীৰ খণ্ডপীঠে উল্লেখ কৰে যে, পৰিৱেশৰ পূৰ্বানুমোদন ভাৰতৰ পৰিৱেশ সুৰক্ষা ব্যৱস্থাৰ মৌলিক ভিত্তি। সেইবাবে সাধাৰণ নিয়ম হিচাপে কোনো প্ৰকল্পই পূৰ্বানুমোদন অবিহনে কাম আৰম্ভ কৰি পিছত অনুমোদন বিচাৰিব নোৱাৰে।
আদালতে অৱশ্যে স্পষ্ট কৰে যে, এই ৰায় ভৱিষ্যতৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। অৰ্থাৎ ২০২১ চনৰ কাৰ্যালয় স্মাৰকৰ অধীনত ইতিমধ্যে লাভ কৰা পৰিৱেশ অনুমোদন এই ৰায়ৰ ফলত বাতিল নহ’ব।
খণ্ডপীঠে আৰু কয় যে, বিশেষ পৰিস্থিতিত আৰু বৃহত্তৰ জনস্বাৰ্থৰ খাতিৰত কেন্দ্ৰীয় চৰকাৰে আইনসিদ্ধ অধিসূচনাৰ জৰিয়তে সীমিত সময়ৰ বাবে বিশেষ ৰেহাই আঁচনি প্ৰৱৰ্তন কৰিব পাৰে। কিন্তু এনে ব্যৱস্থা কোনো কাৰ্যালয় স্মাৰকৰ জৰিয়তে স্থায়ীভাৱে বলৱৎ কৰি পৰিৱেশ আইন উলংঘনক নিয়মীয়া পদ্ধতিলৈ ৰূপান্তৰ কৰিব নোৱাৰিব।
আদালতৰ ৰায় অনুসৰি, সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ অধীনত থকা বিশেষ ক্ষমতা প্ৰয়োগ কৰি উপযুক্ত ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ে প্ৰকল্পসমূহক পিছত পৰিৱেশ অনুমোদন প্ৰদান কৰিব পাৰে, যদি তেনে সিদ্ধান্ত ন্যায়ৰ স্বাৰ্থত প্ৰয়োজনীয় বুলি বিবেচিত হয়।
উল্লেখযোগ্য যে, পৰিৱেশ বিধি উলংঘন কৰা বিভিন্ন প্ৰকল্পক পিছত অনুমোদন প্ৰদান কৰাৰ বৈধতা সন্দৰ্ভত দাখিল হোৱা একাধিক আবেদন আৰু পুনৰ্বিবেচনা আবেদনৰ শুনানি সম্পন্ন হোৱাৰ পিছত চলিত বৰ্ষৰ ১ এপ্ৰিলত সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায় সংৰক্ষণ কৰি ৰাখিছিল।
