গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি প্রতিষ্ঠানত নৱাগত শিক্ষাৰ্থীসকলৰ বাবে আয়োজিত ২০২৬ বৰ্ষৰ বি.টেক অভিমুখীকৰণ অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ অসমৰ চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তীয়ে নৱাগত শিক্ষার্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰি অধ্যয়নত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে এইবেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি প্রতিষ্ঠানত বিভিন্ন বি টেক কাৰ্যসূচীত মুঠ ১০০ গৰাকী শিক্ষার্থীয়ে নামভৰ্তি কৰিছে। ইয়াৰ ভিতৰত জীৱপ্ৰযুক্তি, অনুবিদ্যুৎ আৰু যোগাযোগ আভিযান্ত্রিক, আৰু ৰবটি’ আৰু কৃত্রিম বুদ্ধিমত্তা বিষয়ৰ বি টেক কাৰ্যসূচী অন্তর্ভুক্ত।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্রযুক্তি প্ৰতিষ্ঠানৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শর্মা, বিজ্ঞান আৰু প্ৰযুক্তি প্রতিষ্ঠানৰ ভাৰপ্ৰাপ্ত সঞ্চালক অধ্যাপক তুলসী বেজবৰুৱা, প্রযুক্তি অনুষদৰ ডীন অধ্যাপক শিখৰ কুমাৰ শৰ্মা, বিভিন্ন শৈক্ষিক বিভাগৰ মুৰব্বী, বিশ্ববিদ্যালয়ৰ বিষয়ববীয়া, আমন্ত্রিত অতিথি, নৱাগত বি টেক শিক্ষার্থী আৰু তেওঁলোকৰ অভিভাৱকসকল উপস্থিত থাকে। পুৱা চাৰে ন বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পাছত অতিথিসকলক আনুষ্ঠানিকভাৱে আদৰণি আৰু সম্বৰ্ধনা জনোৱাৰ লগতে বন্তি প্রজ্বলন কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত সঞ্চালক অধ্যাপক তুলশী বেজবৰুৱাই আদৰণি ভাষণ প্ৰদান কৰাৰ পিছত উদ্ধোধনী ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্তই।
ভাষণ প্ৰসংগত অধ্যাপক ননী গোপাল মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৌৰৱময় ইতিহাস আৰু উত্তৰ-পূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতৰ উচ্চশিক্ষাৰ ক্ষেত্রত বিশ্ববিদ্যালয়খনে লাভ কৰা সন্মানীয় স্থানৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰে। লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তীয়ে ভাষণ প্ৰসংগত বহু বিষয়কভাৱে জ্ঞান আহৰণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা ভামা মেডিটেকৰ প্ৰতিষ্ঠাপক সঞ্চালক অধ্যাপক শশী বৰুৱাই অভিমুখীকৰণমূলক বক্তৃতা প্রদান কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ সচিব আৰু ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি , স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি গুঞ্জন ডেকা, প্রযুক্তি অনুষদৰ ডীন, পৰীক্ষা নিয়ন্ত্রক, মুখ্য চিকিৎসা বিষয়া , কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক আৰু বিভিন্ন শৈক্ষিক বিভাগৰ মুৰব্বীসকলেও নৱাগত শিক্ষার্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে।
