চেমচাং ইণ্ডিয়াই মুকলি কৰিলে ‘চেমচাং ইন’ভেচন কেম্পাছ’ৰ দ্বিতীয় চিজন

702

ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে ৰাষ্ট্ৰীয় দক্ষতা কাৰ্যসূচী চেমচাং ইন’ভেচন কেম্পাছৰ দ্বিতীয় ছিজন মুকলি কৰিছে, যিয়ে ভৱিষ্যত-প্ৰযুক্তিৰ ক্ষেত্ৰখনত যুৱক-যুৱতীসকলক এআই, আইঅ’টি, বিগ ডাটা আৰু কোডিং আৰু প্ৰ’গ্ৰামিঙৰ ক্ষেত্ৰখনত উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। চেমচাং ইনোভেচন কেম্পাছৰ লক্ষ্য হৈছে ভৱিষ্যতৰ প্ৰযুক্তিৰ ক্ষেত্ৰখনত ১৮-২৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলক উন্নত কৰা আৰু যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা বৃদ্ধি কৰা।


চেমচাঙে ভাৰতৰ সৈতে অংশীদাৰিত্ব বৃদ্ধি কৰি যুৱক-যুৱতীসকলক উপযুক্ত সুযোগ প্ৰদানৰ বাবে স্কিল ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ দৰে চৰকাৰী পদক্ষেপলৈ বৰঙণি যোগাই আহিছে, যাৰ ফলত ভাৰতৰ প্ৰগতিৰ বাবে নিজৰ দায়বদ্ধতা অধিক শক্তিশালী হৈছে। সমগ্ৰ ভাৰতবৰ্ষৰ ৩,৫০০ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদানৰ বাবে চেমচাং আৰু ইলেক্ট্ৰনিকছ ছেক্টৰ স্কিলছ কাউন্সিল অৱ ইণ্ডিয়া(ইএছএছচিআই)ৰ মাজত চলিত সপ্তাহৰ আৰম্ভণিতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। এই পদক্ষেপে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে শিক্ষণ, কেপষ্টোন প্ৰজেক্ট আৰু চেমচাঙৰ বিশেষজ্ঞৰ মেণ্টৰশ্বিপ প্ৰদান কৰিব। এই বিষয়ে চেমচাঙৰ দক্ষিণ-পশ্চিম এছিয়াৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া জে বি পাৰ্কে কয় যে, “চেমচাং ইনোভেচন কেম্পাছৰ জৰিয়তে আমি দক্ষতাভিত্তিক শিক্ষণৰ এখন মঞ্চ গঢ়ি তুলিছোঁ, যিয়ে যুৱক-যুৱতীসকলক দক্ষতা বৃদ্ধি কৰি ভৱিষ্যতৰ -প্ৰযুক্তি ডমেইনত নিয়োগ সুযোগ সৃষ্টি কৰিব আৰু অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সক্ষম কৰি তুলিব।”


প্ৰতিটো ডমেইনতে ৰাষ্ট্ৰীয় শীৰ্ষস্থানপ্ৰাপ্ত সকলে ১ লাখ টকাৰ নগদ ধন লাভ কৰাৰ লগতে দিল্লী/এনচিআৰত চেমচাঙৰ সুবিধা-সামৰ্থ্যসমূহ পৰিদৰ্শন কৰাৰ সুযোগ লাভ কৰিব। এই ভ্ৰমণে শিক্ষাৰ্থীসকলক চেমচাঙৰ লীডাৰশ্বিপ টীমৰ জৰিয়তে পৰামৰ্শদাতাৰ সৈতে বাৰ্তালাপ আৰু বিভিন্ন দিশ অনুঢাৱন কৰিবলৈ সুযোগ লাভ কৰিব। ইয়াৰ লগতে শীৰ্ষস্থানপ্ৰাপ্ত সকলে চেমচাঙৰ বিভিন্ন সামগ্ৰী যেনে গেলেক্সি বাডচ আৰু স্মাৰ্টৱাশ্ব লাভ কৰিব।